স্বাস্থ্যৰ পক্ষে শীতকাল ভালনে?

0
1685

প্ৰখৰ ৰ’দে দহা গৰমৰ দিনবোৰ পাৰ হৈ শীতকালৰ আগমনৰ লগে লগে মন আৰু দেহ দুয়োটাই স্বস্তি লাভ কৰে৷ শীত সকলোৰে প্ৰিয় ঋতু৷ শীতকালৰ আগমনৰ লগে লগে প্ৰকৃতিলৈও পৰিৱৰ্তন আহে৷ বহুতৰে ঠাণ্ডাৰ দিনকেইটা প্ৰিয় যদিও আন কিছুমানৰ বাবে আকৌ ঠাণ্ডাৰ দিনকেইটা বৰ অস্বস্তিকৰ হয়৷ কিন্তু আপুনি জানি সুখী হ’ব যে শীতকাল আপোনাৰ স্বাস্থ্যৰ বাবে লাভদায়ক হ’ব পাৰে৷ শীতে স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ; যাৰ দ্বাৰা শৰীৰত সংক্ৰমণৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা বাঢ়ে৷ ঠাণ্ডাৰ দিনত শৰীৰত এলাৰ্জিৰ পৰিমাণ কম হয়৷ গৰম কালতকৈ শীতকালত আমি দৈনন্দিন কামত অধিক মনোনিৱেশ কৰিব পাৰোঁ, যিহেতু শৰীৰ অধিক কাৰ্যক্ষম হৈ থাকে৷ শীতকালত গাৰ পৰা ঘাম কম ওলাই বাবে শৰীৰ শক্তিশালী হৈ থাকে৷ আনহাতে শীতকালত বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনা খুব কম৷ শীতকালত মহ-ডাঁহৰ উপদ্ৰৱ কমে কাৰণে মহৰ দ্বাৰা হ’ব পৰা ৰোগসমূহ যেনে– মেলেৰিয়া, ডেংগু, জিকা ভাইৰাছ আদি শীতকালত বহুত কম হয়৷ শীতকালত শৰীৰৰ উষ্ণতা বঢ়াবলৈ আমি যথেষ্ট কষ্টৰ কাম কৰিব লগা হয়, তাৰ ফলত শৰীৰত কেল’ৰিৰ মাত্ৰা হ্ৰাস পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here