বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বায়ুৰ গুণগত মানৰ অৱনতি হৈছে৷ জলবায়ুৰ পৰিৱৰ্তন, বিভিন্ন কাৰণ যেনে কল-কাৰখানৰ ধোঁৱা, পথত অত্যধিক যান-বাহনৰ সংখ্যা বৃদ্ধি, আৱৰ্জনাৰ দ’ম, প্লাষ্টিকজাত সামগ্ৰীৰ অভাৱনীয় ব্যৱহাৰ আদিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত অৰিহণা যোগাইছে৷ ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিতকে ধৰি ছাল, চকু আদি বিভিন্ন শাৰীৰিক ৰোগে দেখা দিয়ে৷ বায়ু প্ৰদূষণ ৰোধৰ বিভিন্ন উপায় অৱলম্বন কৰা হয় যদিও ইয়াক ৰোধ কৰাটো ইমান সহজ হৈ থকা নাই৷ যাৰ কাৰণে বিশ্বৰ আগশাৰীৰ দেশবোৰেও চিন্তিত হৈছে৷ ইয়াৰ মাজতে বিশ্বৰ কেইখনমান দেশে বায়ুৰ সূচকৰ মান উন্নত কৰি ৰাখিবলৈ সক্ষম হৈছে৷ শেহতীয়াভাৱে সমগ্ৰ বিশ্বৰ ভিতৰত ১০ খন চহৰত নাম প্ৰকাশ পাইছে, য’ত স্বাস্থ্যকৰ বায়ুৰ সূচকৰ মানৰ উন্নতি ঘটাইছে৷ আইকিউএয়াৰ ছুইজাৰলেণ্ড ভিত্তিক বায়ুৰ মান পৰ্যবেক্ষণকাৰী প্ৰযুক্তি প্ৰতিষ্ঠান৷ এই প্ৰতিষ্ঠানটোৱে সময়ে সময়ে বায়ুৰ প্ৰদূষণৰ মান সন্দৰ্ভত বিভিন্ন গৱেষণা কৰে৷ বিশ্বৰ বিভিন্ন চহৰৰ বায়ুৰ মানক লৈ তাৎক্ষণিক বা লাইভ সূচক প্ৰকাশ কৰিছে এই সংস্থাটোৱে৷ এই সূচকে এখন নিৰ্দিষ্ট চহৰৰ বায়ু কিমান নিৰ্মল বা দূষিত, তাক দাঙি ধৰে৷ এই সমীক্ষাটোত লাইভ সূচকটোত বিশ্বৰ ১২০ খন চহৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ বায়ু মান উন্নত বুলি প্ৰমাণিত হোৱা বিশ্বৰ শীৰ্ষ ১০খন চহৰৰ নাম একাদিক্ৰমে হ’ল– নিছ, ফ্ৰান্স, এই চহৰখনৰ মুঠ স্ক’ৰ ১২, একলেণ্ড,নিউজিলেণ্ড, এই চহৰখনৰ স্ক’ৰ ১৩, লিচবন, পৰ্তুগাল, এই চহৰখনৰ মুঠ স্ক’ৰ ১৪, ৰোম, ইটালি এই চহৰখনৰ মুঠ স্ক’ৰ ১৫, হেলছিংকি, ফিনলেণ্ড, এই চহৰখনৰ মুঠ স্ক’ৰ ১৬, কিয়োটো, জাপান, এই চহৰখনৰ মুঠ স্ক’ৰ ১৭, ছাৰায়েভো, বচনিয়া আৰু হাৰ্জেগোভিনা এই চহৰখনৰ মুঠ স্ক’ৰ ১৭, লিওন ফ্ৰান্স, এই চহৰখনৰ মুঠ স্ক’ৰ ১৯, চিডনী, অষ্ট্ৰেলিয়া, এই চহৰখনৰ মুঠ স্ক’ৰ ২১, ছিয়াটল, যুক্তৰাষ্ট্ৰ, এই চহৰখনৰ মুঠ স্ক’ৰ ২২৷