য’তই নাযাওক কিয় সকলোতে নিজা চৰকাৰ থাকে, আইন-কানুন তথা নীতি-নিয়ম থাকে আৰু মানুহে সেইবিলাক পালন কৰি জীৱন কটায়৷ কিন্তু এই পৃথিৱীত এনেকুৱা এক স্থান আছে বুলি ভাবেনে. য’ত নাই কোনো নীতি-নিয়ম, আইন-কানুন৷ তাত থকাৰ বাবে দিব নালাগে কোনোধৰণৰ কৰ-কাটল বা ভাৰা আদি৷ তেনেকুৱা এখন স্থান আছে আমেৰিকাত৷ আমেৰিকাৰ লৌচিয়ানাৰ শ্লেব চিটি তেনে এক স্থান৷ তাত বাস কৰাৰ লোকসকলৰ ক্ষেত্ৰত কোনো আইন-কানুনে কাম নকৰে৷ যাৰে যি মন যায় তাকে কৰিব পাৰে৷ ডেইলী ষ্টাৰত ইয়াৰ বিষয়ে প্ৰকাশ পাইছে৷ বাতৰি কাকতখনৰ মতে চিনেমা নিৰ্মাতা ৰেঞ্জাৰ ৰিক শ্লেব চিটিত মুঠ ১৪ দিন কটাইছিল৷ ইয়াৰ পাছত তেওঁ এই স্থানত থকাৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে৷ তেওঁৰ অভিজ্ঞতাৰ কাহিনী পঢ়ি সকলোৱে ক’বলৈ বাধ্য হৈছে যে শ্লেব চিটিৰ লোকসকলেহে প্ৰকৃততে যিমানখিনি স্বাধীনতা উপভোগ কৰিছে বিশ্বৰ আন কোনো স্থানৰ মানুহে তেনে ধৰণৰ স্বাধীনতা উপভোগ কৰিবলৈ পোৱা নাই৷ মৰু অঞ্চলত থকা এই শ্লেব চিটিত পানীৰ কোনো ব্যৱস্থা নাই, নাই গেছ আৰু বিদ্যুতৰ ব্যৱস্থা৷ ইয়াত চৰকাৰৰ হস্তক্ষেপো নাম মাত্ৰহে৷ আচলতে এই স্থানত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ সৈনিকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে এই স্থানৰ নিৰ্মাণ কৰা হৈছিল৷ পাছত ১৯৫৬ত ইয়াক ভাঙি পেলোৱা হয় আৰু ধবংসস্তূপত পৰিণত হয়৷ লাহে লাহে ইয়াত অঘৰী আৰু প্ৰাক্তন সৈনিকসকলে ইয়াত থাকিবলৈ লয়৷ ইয়াত বাস কৰা লোকসকলৰ বিশ্বৰ আন স্থানৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই, নাই কোনো সামাজিক বন্ধন৷ আনকি শ্লেব চিটিৰ বাসিন্দাসকলৰ সময়ৰ লগতো কোনো সম্পৰ্ক নাই৷ সময় চোৱাৰ কাৰণে তেওঁলোকৰ নাই ঘড়ী৷ আনকি দিন-মাহ জনাৰ বাবে শ্লেব চিটিত নাই কেলেণ্ডাৰো৷ বিশ্বৰ কোনো খবৰ তেওঁলোকে নাপায়, কিয়নো তেওঁলোকে টিভি নাচায়৷ তাৰ বাসিন্দাসকলৰ পোছাকৰো কোনো ধৰা-বন্ধা নিয়ম নাই৷ ল’ৰাকো ছোৱালীৰ পোছাকত দেখাতো এটা সাধৰণ তাত কোনেও আইন-কানুন নামানে আৰু সেয়েহে অপৰাধীৰ বাবে এই স্থান ভূস্বৰ্গস্বৰূপ৷ ইয়ালৈ ভালেমান লোক আহে এনেকুৱা কাম কৰিবলৈ যিবিলাক বিশ্বৰ আন কোনো স্থানতে কৰিব নোৱাৰে৷