সৌন্দৰ্যৰ কোনো সংজ্ঞা নাথাকে৷ এই কথা বিশ্বাস কৰা সত্ত্বেও বহুতৰে নিজৰ শৰীৰৰ গঠনক লৈ বিভিন্ন ধৰণৰ আপত্তি থাকে৷ শৰীৰৰ কোনো কোনো অংশত মেদ বা চৰ্বি বেছিকৈ জমা হয়৷ ইয়াৰ লৈ অসুবিধাৰ সন্মুখীন হ’লে সেই অংশবোৰৰ বাবে সুকীয়া সুকীয়াকৈ ব্যায়াম কৰা হয়৷ নিৰ্দিষ্ট অংশৰ মেদ বা চৰ্বি কমাবলৈ ইংৰাজীত কোৱা হয় স্পট ৰিডাকশ্যন৷ বহুতেই এইদৰে কৰাৰ ফলকত সুফল নাপায়৷ সামগ্ৰিকভাৱে মেদ কমোৱাত উপকাৰ নহয়৷ সেয়ে নিৰ্দিষ্ট অংশ ঠিক কৰি চৰ্বি কমাবলৈ সম্ভৱ হয়৷ যেনে কাৰোবাৰ বাহুচ মেদ জমা হৈ ওলমি পৰে৷ তেনে ক্ষেত্ৰত বিব্ৰতবোধ হোৱাৰ লগতে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত Sleeveless কাপোৰ পিন্ধাত অসুবিধা পায়৷ অথবা অকল কঁকালত মেদ জমা হৈ দেখাতে বেয়া লাগে৷ এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’লে জিমলৈ যোৱাৰ পৰিৱৰ্তে বা কোনো সঁজুলি অবিহনে মেদ কমাবলৈ সক্ষম নিয়মিতভাৱে এইবোৰ অনুশীলন কৰাৰ অভ্যাস কৰক৷ হাত. ভৰি, কঁকাল, কান্ধ আদিৰ গঠনৰ সামঞ্জস্য অনাৰ বাবে উপযুক্ত ব্যায়াম হ’ল পুশআপ৷ পেশীৰ শক্তি বৃদ্ধিৰ উপৰি শৰীৰৰ উৰ্ধবাংসৰ মেদ কমোৱাত এই পুশআপ যথেষ্ট কাৰ্যকৰী৷ ইয়াৰ বাবে কোনো সঁজুলিৰ প্ৰয়োজন নাই৷ কেৱল সমতলৰ লগত সমান্তৰালভাৱে থাকি শৰীৰটো উঠা-নমা কৰাৰ অভ্যাস কৰক৷ শৰীৰৰ ওজনৰ ভাৰসাম্যও অটুট থাকে এই অভ্যাস কৰাৰ ফলত৷ পুশ আপৰ সৈতে প্লাংকৰ মিল থাকিলেও এই ব্যায়ামটো কিছু পৃথক৷ প্লাংকে নিতম্বক শৰীৰৰ আন অংশৰ তুলনাত ইয়াক ওপৰৰ দিশে দাঙি ধৰিব৷ পুশ আপত উঠা-নমা কৰা হয়৷ কিন্তু প্লাংকৰ হাতৰ ওপৰত ভৰ দি স্থিৰভাৱে থাকিব লাগে৷ পুশ আপত হাতৰ তলুৱাত ভৰ থাকে যদিও প্লাংকত হাতৰ আঙুলিপৰ্যন্ত মাচিত ভৰ দি ৰখা হয়৷ ভৰিৰ ভৰ ভৰিৰ আঙুলিত থাকে৷ পেটৰ মেদ কমাবলৈ প্লাংক অন্যতম৷ হাত ঘূৰোৱাটো সকলোতকৈ সহজ ব্যায়াম বুলি উপেক্ষা কৰা উচিত নহয়৷ দুফালে হাত ঘূৰাই ঘূৰাই হাতত জমা হোৱা মেদ কমাব পাৰি৷ প্ৰথমে হাত দুখন ওপৰ কৰি লৈ তাৰ পাছত কান্ধৰ ওচৰেৰে ঘূৰোৱাত অভ্যাস কৰক৷ ঘড়ীৰ কাটাৰ ফালে দহবাৰ আৰু ঘড়ীৰ কাটাৰ বিপৰীত দিশে দহবাৰকৈ কৰাৰ চেষ্টা কৰিব৷ এনে কৰিলে হাতৰ মাংসপেশী শক্ত হোৱাৰ লগতে হাতত মেদ জমা হ’ব নোৱাৰে৷ ট্ৰাইচেপ ডিপছৰ ক্ষেত্ৰত প্ৰয়োজন হয় এখন চকী বহা বেঞ্চৰ৷ চকী এখনত একেবাৰে কাষত বহি লৈ নিতম্বৰ ঠিক কাষে্ত হাত দুখন ৰাখিব৷ লাহে লাহে চকীৰ পৰা নিতম্ব তললৈ নমাই দিব৷ হাতত ভৰ দি ধীৰে ধীৰে তলৰ দিশলৈ নামি যাব আৰু হাতৰ ভৰতে চকীখনক পুনৰ ওপৰলৈ উঠিব৷ মনত ৰাখিব নিতম্ব যেন চকীৰ সৈতে সংস্পৰ্শত থাকে৷ দহবাৰমান এইদৰে কৰক৷