স্নায়ুতন্ত্ৰৰ সুস্থতাৰ বাবে বালাসন কৰক

0
17

শৰীৰ তথা মন ভালে ৰখাৰ একমাত্ৰ মাধ্যমটোৱে হৈছে যোগাসন৷ যোগাসনে শৰীৰৰ বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ লগতে মনটোও প্ৰফুল্লিত কৰি ৰাখে৷ অৰ্থাৎ আধ্যাত্মিক জ্ঞান লাভ তথা মনঃসংযোগ বৃদ্ধিত যোগে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ যোগ সাধনাই মানুহ এজনক সকলো ফালৰ পৰাই পূৰ্ণতাপ্ৰাপ্তি প্ৰদান কৰে৷ ধ্যান সহায়ত মানুহে অমৰত্ব পায় বুলিও কোৱা হয়৷ অৰ্থাৎ ধ্যান তথা যোগাসনে মানুহৰ আয়ুস বৃদ্ধি কৰাত সহায় কৰে৷ আজি এই বিশেষ যোগাসনৰ বিষয়ে ক’বলৈ বিচৰা হৈছে, যি যোগব্যায়ামে বিভিন্ন শাৰীৰিক সমস্যা সমাধান কৰাৰ লগতে বিশেষকৈ, স্নায়ুতন্ত্ৰত সুস্থতাৰ বাবে বিশেষভাৱে কাম কৰে৷ এই আসনবিধৰ নাম হ’ল বালাসন৷ এই আসন কৰিবলৈ প্ৰথমে মাটিত ভৰিত ভৰ দি বহি লওক৷ ইয়াৰ পাছত মূৰটো আগুৱাই লৈ লাহে লাহে আগলৈ হাউলি যাওক৷ মূৰটো মাটিত লগাই দি হাত দুখন পিছফালে পোন কৰি ধৰক৷ অথবা হাত দুখন আগলৈ পোন কৰি আগবঢ়াই দি মূৰটো মাটিত লগাও থাকক৷ কিছু সময়ত এইদৰে থকাৰ পাছত পুনৰ বহাৰ ভংগীলৈ উভতি আহক৷ এই আসন নিয়মীয়াভাৱে কৰিলে মন শান্ত থাকে, হজম শক্তি উন্নত হয়, পিঠি, কঁকালৰ বিষ নোহোৱা হয়, মনৰ অৱসাদ তথা উদ্বেগ কমি থাকে৷ এই আসন স্নায়ুতন্ত্ৰৰ কাৰণে খুব উপকাৰী৷ ইয়াৰ লগতে নিয়মিতভাৱে এই আসন কৰিলে শৰীৰ আৰু মন দুয়োটাই ভালে থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here