স্তন কেঞ্চাৰ চিনাক্ত হ’ব আল্ট্ৰাছাউণ্ড ডিভাইচেৰে

0
23

সমগ্ৰ বিশ্বজুৰি কেঞ্চাৰৰ প্ৰাৰ্দুভাব বৃদ্ধি পাইছে৷ দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ্কট ৰোগে মানুহৰ জীৱনলৈ ভাবুকি আনিছে৷ কেঞ্চাৰত আক্ৰান্ত হৈ বছৰি কিমান হাজাৰ মানুহে প্ৰাণ ত্যাগ কৰিছে বা বছৰি কিমানসংখ্যক মানুহ এই ভয়াৱহ ৰোগত আক্ৰান্ত হৈ সৰ্বস্বান্ত হৈ সেই তথ্য জানিলে এক ভয়ংকৰ ছবি ধৰা পৰে৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত স্তন কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ স্তন কেঞ্চাৰৰ চিনাক্তকৰণত বিলম্ব হোৱাৰ বাবে এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত জটিলতা আহি পৰে৷ শেহতীয়াভাৱে স্তন কেঞ্চাৰত আক্ৰান্ত মহিলাসকলৰ বাবে এক ভাল খবৰ আহিছে৷ মহিলাসকলৰ স্তন কেঞ্চাৰৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এক নতুন সঁজুলি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই পৰীক্ষণমূলকভাৱে ভাৰতৰ কলকাতাৰ এখন চিকিৎসালয়ত আৰম্ভ কৰিছে এই নতুন প্ৰযুক্তি৷ পৰ্টেবল আল্ট্ৰাছাউণ্ড ডিভাইচ ব্যৱহাৰ কৰি স্তন কেঞ্চাৰৰ প্ৰাৰম্ভিক পযাৰ্য়ত চিনাক্ত কৰিব পৰা যাব এই প্ৰযুক্তিৰ জৰিয়তে৷ উল্লেখ্য যে কলকাতাৰ এছ এছ কে এম হস্পিটেলত এই পৰ্টেবল ডিভাইচৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ উল্লেখ কৰিব পাৰে যে স্তন কেঞ্চাৰ চিনাক্ত কৰিবলৈ এই বিশেষ পৰ্টেবল আল্ট্ৰাছাউণ্ড ডিভাইচটো হৈছে মাত্ৰ ছয় ইঞ্চিৰ এটা যন্ত্ৰ৷ এই যন্ত্ৰটো মোবাইল বা টেবলেটত সংযোগ কৰা হয়৷ চিকিৎসকসকলে প্ৰকাশ কৰা মতে এই সৰু আকৃতিক যন্ত্ৰটোৱে সহজে স্তন কেঞ্চাৰ চিনাক্ত কৰিবলৈ সক্ষম৷ দুৰাৰোগ্য কৰ্কট ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত এই বিশেষ ডিভাইচটোৱে কৰ্কটৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here