ক’ভিডকালীন সময়ত সমগ্ৰ বিশ্বতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ব্যাপক হাৰত স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল৷ এতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ পেলাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত৷ বৰ্তমান স্কুলীয়া ছাত্ৰ তথা ছাত্ৰীৰ স্মাৰ্টফোন ব্যৱহাৰ কৰাটো এক অভ্যাসত পৰিণত হৈছে আৰু এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে৷ এই সমস্যাক লৈ চিন্তিত হৈ পৰিছে ইউনেস্ক’ই৷ ইউনেস্ক’ই এতিয়া সমগ্ৰ বিশ্বৰে স্কুলসমূহত স্মাৰ্টফোন নিষিদ্ধ কৰিবলৈ বিচাৰিছে৷ ইউনেস্ক’ই ‘শিক্ষাই প্ৰযুক্তি’ শীৰ্ষক এখন প্ৰতিবেদনত দেশখনক এইবুলি আহ্বান জনাইছে যে স্কুলসমূহত প্ৰযুক্তিৰ কেনেধৰণেৰে ব্যৱহাৰ কৰা হৈছে সেই বিষয়টোত গুৰুত্ব সহকাৰে তথা সতৰ্কতাৰে পৰ্যালোচনা কৰা উচিত৷ প্ৰতিবেদনখনত বিশ্বৰ সকলো দেশকে সতৰ্ক কৰি দি এইবুলিও আহবান জনোৱা হৈছে যে স্কুলসমূহত স্মাৰ্টফোনৰ ব্যৱহাৰক নিষেধাজ্ঞা আৰোপ কৰিব লাগে৷ স্কুলসমূহত মানুহৰ প্ৰয়োজনক প্ৰাধান্য দি দৃষ্টিভংগী গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে আৰু এইবুলি কোৱা হৈছে যে ডিজিটেল প্ৰযুক্তিক এক সঁজু্লি হিচাপে ব্যৱহাৰ কৰিব দিব লাগে আৰু ই যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে৷ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে এইবুলি সতৰ্ক কৰি দিয়ে যে শিক্ষাত প্ৰযুক্তিৰ অত্যধিক নিৰ্ভৰতাই শিক্ষাক নিষ্ফল কৰিব পাৰে আৰু হানিকাৰক হ’ব পাৰে৷ প্ৰতিবেদনখনত এইবুলিও কোৱা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ প্ৰযুক্তিৰ বিষয়ে শিকিব লাগে, কিন্তু ইয়াৰ লগতে শ্ৰেণীকোঠাত যাতে অতিমাত্ৰা ফেন্সী প্ৰযুক্তি কৌশলৰ ব্যৱহাৰ কৰা নহয়, তাৰ প্ৰতি সতৰ্ক হ’ব লাগে৷ ইউনেস্ক’ৰ প্ৰতিবেদনখনৰ মতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰযু্ক্তিয়ে সৃষ্টি কৰিব পৰা ভাবুকি আৰু সুযোগ উভয়ৰে বিষয়ে জনাৰ প্ৰয়োজন৷