সৌৰজগতৰ এটা গ্ৰহ ক্ৰমশঃ শুকাই যাবলৈ ধৰিছে৷ আনহাতে গ্ৰহটোৰ গোটেই গাত ভাঁজ পৰা আৰম্ভ কৰিছে৷ অনাগত দিনত আৰু অধিক শুকাই যাব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ আপেল শুকালে যেনেদৰে গাচত ভাঁজ পৰে, ঠিক তেনেদৰেই এই গ্ৰহটোৰ গাতো ভাঁজ পৰিবলৈ লৈছে৷ সৌৰমণ্ডলত পৃথিৱীসহ যি আঠটা গ্ৰহ আছে, তাৰ এটা গ্ৰহ এইদৰে শুকাই যোৱাটো বেছ চমকপ্ৰদ হিচাপে পৰিগণিত হৈছে৷ সৌৰজগতৰ সকলোতকৈ সৰু গ্ৰহটো হ’ল বুধ৷ আনহাতে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোও হৈছে বুধ৷ বিজ্ঞানীসকলে জনোৱা মতে বুধ গ্ৰহৰ কেন্দ্ৰস্থল এতিয়া অত্যন্ত ঠাণ্ডা হৈ পৰিছে আৰু লাহে লাহে এই গ্ৰহটো শুকাই যাবলৈ ধৰিছে৷ যাৰ ফলত এই গ্ৰহটো আৰু অধিক সৰু হৈ গৈ আছে৷ ইয়াৰ ফলত গ্ৰহটোৰ উপৰিভাগত ভাঁজ পৰিবলৈ লৈছে৷ বিজ্ঞানীসকলে কোৱা মতে ইয়াৰ আৰম্ভণি হৈছে তিনি বিলিয়ন বছৰ আগেয়ে৷ এই ৩০০ কোটি বছৰ ধৰি গ্ৰহটো শুকাই গৈয়ে আছে৷ ব্ৰিটেইন অ’পেন বিশ্ববিদ্যালয়ৰ গৱেষকে গৱেষণাৰ জৰিয়তে এই কথাটো নিশ্চিত হৈছে যে গ্ৰহটো ক্ৰমে শুকাই যাবলৈ ধৰিছে৷ আনহাতে নাছাৰ মহাকাশ যানেও বুধৰ ছবি তুলি নিশ্চিত হ’ব পাৰিছে যে বুধ ক্ৰমে সৰু হৈ গৈ আছে৷