সৌৰজগতত বৃহস্পতিৰ সমাননতুন গ্ৰহ এটাৰ জন্মৰ সম্ভাৱনা

0
570


সুদূৰ মহাকাশত তিৰবিৰাই থকা এটা নক্ষত্ৰই বিজ্ঞানীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ দুটা শক্তিশালী দূৰবীণে এই নক্ষত্ৰটো আৱিষ্কাৰ কৰিছিল৷ বিজ্ঞানীসকলে এই নক্ষত্ৰটোৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে৷ বিজ্ঞানীসকলে সদৰী কৰা মতে এই তৰুণ নক্ষত্ৰ প্ৰণালীক গেছৰ এটা অতি বিশাল তৰপে আৱৰি আছে আৰু অচিৰেই আমাৰ সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহ বৃহস্পতিৰ সমান এটা নতুন গ্ৰহৰ জন্ম হ’ব৷ বিজ্ঞানীসকলে এই নতুন গ্ৰহটোৰ নাম ৰাখিছে ভি ৯৬০ মন৷ এই নক্ষত্ৰটো আমাৰ পৃথিৱীৰ পৰা প্ৰায় পাঁচ হাজাৰ আলোকবৰ্ষ দূৰৈত আছে৷ ২০১৪ চনৰ প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলক এই নক্ষত্ৰটোৱে আকৰ্ষণ কৰিছিল৷ সেই সময়ত প্ৰায় ২০ গুণ অধিক উজ্জ্বল হৈ পৰিছিল যদিও কিছুদিনৰ পাছতে ইয়াৰ উজ্জ্বলতা হ্ৰাস পাইছিল৷ দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেলত প্ৰকাশ পোৱা অনুসৰি নক্ষত্ৰটোৰ চাৰিওদিশ ডাৱৰৰ বিশাল তৰপে আৱৰি আছে আৰু ইয়াৰ ফলত বৃহস্পতিৰ সমান গ্ৰহ এটা উৎপত্তি হোৱাৰ সম্ভাৱনা আছে৷ অধ্যয়নটোৰ পৰা জানিব পৰা মতে নক্ষত্ৰটোক আৱৰি ৰখা ডাৱৰ গেছ আৰু ধূলিৰ সৃষ্টি হোৱা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here