প্ৰচুৰ পৰিমাণৰ ভিটামিন-চিযুক্ত গোল নেমু সকলোৰে পৰিচিত৷ আমিষেই হওক বা নিৰামিষেই হওক– প্ৰত্যেকটো সাঁজতে নেমুৰ স্থান অপৰিহাৰ্য৷ নেমুৰ চৰবত, নেমুৰ আচাৰ আদি বিভিন্ন ৰূপত নেমুক আদৰি লয়৷ ৰাতিপুৱা খালী পেটত এগিলাচ গৰম পানীত গোল নেমুৰ ৰস মিহলাই খালে মেদবহুলতাৰ সমস্যা কমে৷ গোল নেমু¸ৰ আৰু কি কি উপকাৰিতা আছে জানো আহক৷
দৈনিক একোটাকৈ গোল নেমুুৰ ৰস খালে তেজ পৰিষ্কাৰ হোৱাৰ লগতে বদহজম, এচিডিটি, গেছ আদিৰ পৰাও ৰক্ষা পাব পাৰি৷
ভাতৰ লগত বা ভাত খোৱাৰ পাছত গোল নেমুৰ ৰস তিনি চামুচমানকৈ খালে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমিবলৈ ধৰে৷
মুখৰ ভিতৰত ঘা হ’লে গোল নেমুৰ ৰসত ঠাণ্ডা পানী মিহলি কৰি মুখ কুলকুলীয়াব লাগে৷
গোল নেমুৰ ৰসৰ লগত আমলখিৰ ৰস মিহলাই চুলিত সানিলে চুলি সৰা আৰু অকালতে চুলি পকা বন্ধ হয়৷
গোল নেমুৰ ৰস চকুৰ কোণত দিলে চকুৰ উজ্জ্বলতা বৃদ্ধি হয়৷
এবাল্টি পানীত দুটা গোল নেমুৰ ৰস মিহলাই দৈনিক গা ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷
ছালৰ যিকোনো সমস্যা, খজুৱতি হ’লে গোল নেমুৰ ৰসৰ লগত নাৰিকল তেল মিশ্ৰণ কৰি লগালে সুফল পোৱা যায়৷