সোণাপুৰত ৫ কোটিৰ ড্ৰাগ্‌ছ জব্দ

0
389
মহানগৰ আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই যোৱা ১৯ আগষ্টত এক অভিযান চলাই সোণাপুৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছসহ নগদ ধন জব্দ কৰে৷ প্ৰাপ্ত তথ্য মতে, মহানগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোণাপুৰৰ নাজিৰাখাটস্থিত টোলগে’টৰ সমীপত অভিযান চলাই মণিপুৰৰ পৰা গুৱাহাটী মহানগৰ অভিমুখী এম এন ০৪ এ ৯৮৬৬ নম্বৰৰ এখন দহচকীয়া ট্ৰাকৰ পৰা ষাঠিটা পেকেটত থকা প্ৰায় পাঁচ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰসহ নগদ ৪৫ হাজাৰ টকাৰ লগতে দুটা সৰবৰাহকাৰী ক্ৰমে মহম্মদ ৱাৰীছ আৰু জেনীচন টায়মজমক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা দুয়োটা সৰবৰাহকাৰীৰ ঘৰ মণিপুৰৰ থাওৱালত বুলি জানিব পৰা গৈছে৷ মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি দুয়োটা সৰবৰাহকাৰীক যোৰাবাট আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে৷ জানিব পৰা মতে জব্দ কৰা ব্ৰাউন ছুগাৰখিনি যোৰাবাটৰ ন মাইলত অইন কোনো লোকক গতাই দিয়াৰ কথা আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here