সূৰ্য নমস্কাৰৰ স্বাস্থ্য উপকাৰিতা তথা ইয়াৰ ভংগী

0
20

আপোনাৰ যদি দ্ৰুতভাৱে ওজন বাঢ়িছে, মানসিক চাপৰ কাৰণে আপুনি সঠিকভাৱে টোপনি যাব পৰা নাই, অথবা আপোনাৰ মন অনৱৰতে অস্থিৰ, অশান্ত হৈ থাকে, তেনেহ’লে অৱশ্যেই আপুনি যোগাসন কৰাৰ অভ্যাস কৰক৷ আজিকালি লাইফষ্টাইল, বেয়া খাদ্যাভ্যাস তথা শাৰীৰিক চৰ্চাৰ অভাৱত বিভিন্ন ৰোগে সহজে আক্ৰমণ কৰে বা ৰোগে বাস লয়৷ এনে পৰিস্থিতিত ৰোগমুক্ত শৰীৰ পাবলৈ তথা বৃদ্ধ বয়সতো ফিট হৈ থাকিবলৈ যোগাসন কৰা খুব জৰুৰী৷ যোগ আপোনাৰ স্বাস্থ্য তথা শৰীৰ উভয়ৰে বাবে উপকাৰী৷ এইবোৰ ভিতৰত সূৰ্য নমস্কাৰ অন্যতম যোগ৷ সূৰ্য নমস্কাৰ মানসিক চাপমুক্ত কৰি ৰখাত অন্যতম উপায়৷ ইয়াৰ উপৰি সূৰ্য নমস্কাৰ আৰু বহুতো উপকাৰিতা আছে, সেই বিষয়ে জনাৰ চেষ্টা কৰোঁ আহক৷
সূৰ্য নমস্কাৰ এবিধ কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়াম, যি শৰীৰৰ ওজন কমোৱাত অত্যন্ত সহায়ক৷ এই আসন কৰিলে আপোনাৰ পেটৰ পেশী প্ৰসাৰিত কৰাৰ লগতে কঁকালৰ চাৰিওফালে ফেট বা চৰ্বি জমা হোৱাত বাধা দিয়ে৷ সূৰ্য নমস্কাৰে বিপাক বৃদ্ধিত সহায় কৰে৷
খুব বেছি মানসিক চাপ বা টেনশ্যনত থাকিলে ইয়াক নিয়ন্ত্ৰণৰ সহজ উপায় হিচাপে সূৰ্য নমস্কাৰ কৰক৷ নিয়মিতভাৱে সূৰ্য নমস্কাৰ কৰিলে আপোনাক শান্ত হোৱাত লগতে মানসিক উদ্বেগ তথা অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে৷ এই আসনে বিশেষকৈ থাইৰয়েডৰ কাৰ্যকলাপক স্বাভাৱিক কৰি তোলে৷
সূৰ্য নমস্কাৰে পেশী তথা জয়েণ্টবোৰ শক্তিশালী তথা শক্ত কৰে৷ ইয়াৰ ফলত মেৰুদণ্ড নমনীয় হয় লগতে মাংসপেশী শক্তিশালী হয়৷ হাড়ৰ স্বাস্থ্যৰ বাবে সূৰ্য নমস্কাৰ অতি উপকাৰী৷
নিয়মিতভাৱে সূৰ্য নমস্কাৰ কৰাৰ অভ্যাস কৰিলে ৰক্ত সঞ্চালন উন্নত হয়৷ যাৰ ফলত মুখৰ উজ্জ্বলতা তথা ছালৰ গঠন উন্নত হয়৷
কিদৰে কৰিব সূৰ্য নমস্কাৰ ঃ- আপুনি সাধাৰণতে পুৱাৰ ভাগত সূৰ্য নমস্কাৰ কৰা উচিত৷ পুৱাই এই আসন কৰিলে শৰীৰ তথা মন সতেজ থাকে৷ প্ৰথমে মুকলি আকাশৰ তলত মুক্ত বহাত পোৱা ঠাইত থিয় হৈ লওক৷ তাৰ পাছত হাতযোৰ কৰি মানুহজন পিছফালে লাহে লাহে হাউলি যাব৷ এই সময়ত ভৰি দুখন পোন কৰি ৰাখক৷ যিমান সম্ভৱ হাউলি গৈ সূৰ্যৰ ফালে মুখ দিব৷ কিছু সময় থাকি পাছত শৰীৰটো পাছত আগলৈ আনি আগফালে মূৰটো আঁঠুত লগাই দিব৷ এই ভংগীত অলপ ৰৈ পাছত মানুহজন মাটিত বহি এটা ভৰি কোঁচাই কাষলতিৰ তললৈ আনিব আৰু আনখন ভৰি পিছফাললৈ মেলি দিব৷ মূৰটো ওপৰলৈ যিমান পাৰে উঠাই দিব৷ হাত দুখন কোঁচাই ৰখা ভৰিখনৰ দুয়ো কাষত ৰাখক৷ পাছত আনখন ভৰিৰেও সমানে সমানে একেদৰে কৰিব৷ এই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ধৰণে লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here