সূৰ্যৰ গ্ৰাসৰ পৰা পৃথিৱীক বচোৱাৰ পালে নতুন ইংগিত

0
15

ম্যাদ আছে আৰু কইবা কোটি বছৰ৷ তাৰ পাছত সূৰ্যই গ্ৰাস কৰিব পৃথিৱীক৷ সূৰ্যৰ প্ৰখৰ তাপত তিষ্ঠি থকাটো পৃথিৱীক কোনো প্ৰাণীৰে সম্ভৱ নহ’ব৷ সূৰ্যৰ তাপত তিষ্ঠিব নোৱাৰি প্ৰাণীজগত বিলুপ্ত হৈ যাব৷ দীৰ্ঘদিন ধৰি বিজ্ঞানীয়ে এই দাবী কৰি আহিছে৷ কিন্তু সম্প্ৰতি এটা নতুন গ্ৰহৰ তথ্যই সেই কথা নিৰ্বাপিত কৰিছে৷ সম্প্ৰতি জনা গৈছে যে সূৰ্যৰ গ্ৰাসৰ পৰা বাচিব থাকিব পাৰে পৃথিৱী৷ চাৰি হাজাৰ আলোকবৰ্ষ দূৰত্বত এটা গ্ৰহৰ পৰা পোৱা গ’ল এই নতুন ইংগিত৷ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ এদল মহাকাশ গৱেষকে হাৱাই দ্বীপৰ পৰা বিশেষ টেলিস্কোপ ব্যৱহাৰ কৰি চাৰি হাজাৰ আলোকবৰ্ষ দূৰত নতুন গ্ৰহৰ সন্ধান লাভ কৰিছে৷ গ্ৰহটোৰ সৈতে পৃথিৱীৰ বহু মিল আছে বুলি গৱেষকে জানিবলৈ দিছে৷ পৃথিৱীৰ দৰেই পাথৰেৰে ভৰি আছে ইয়াৰ উপৰিভাগ৷ ভৰো পৃথিৱীৰ সমান প্ৰায় একেই৷ চেজিটাৰিয়াচ নক্ষত্ৰই বগা ৰঙৰ এটা বামন নক্ষত্ৰ বা হোৱাইট ডোয়াৰ্ফক প্ৰদক্ষিণ কৰিছে সেই গ্ৰহটোৱে৷ এই গ্ৰহটোৰ অৱস্থা দেখি বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে যে কেইবা কোটি বছৰ আগতে পৃথিৱীৰ অৱস্থাও এমেকুৱা আছিল৷ অৰ্থাৎ সূৰ্যৰ তাপে পৃথিৱী সম্পূৰ্ণৰূপে ধবংসপ্ৰাপ্ত কৰিব নোৱাৰে৷ এই ক্ষেত্ৰত সূৰ্যৰ ভৱিষ্যৎ হ’ব পাৰে এই বামন নক্ষত্ৰটোৰ দৰে৷ অৱশ্যে পৃথিৱীৰ জীয়াই থাকিলেও ইয়াৰ থকা প্ৰাণীৰ অস্তিত্ব সেই সময়ত পাবলৈ নাথাকিব বুলিও বহুতেই একমত প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here