সূৰ্যৰ একেবাৰে ওচৰ চাপি নাছাৰ মহাকাশযানৰ ইতিহাস সৃষ্টি

0
13

সূৰ্যৰ ইমান ওচৰলৈ গৈও যে ঘূৰি আহিব পাৰি, সেই কথাটো ইয়াৰ আগেয়ে নাছাৰ বিজ্ঞানীয়ে ভাবিবই পৰা নাছিল৷ এনে অসম্ভৱকো যেন সম্ভৱ কৰি দেখুৱালে নাছাৰ মহাকাশযান ‘পাৰ্কাৰ ছ’লাৰ প্ৰোব’-এ৷ মহাকাশ গৱেষণাৰ ইতিহাসত সূৰ্যৰ একেবাৰে কাষলৈ যাবলৈ সক্ষম হয় এই মহাকাশযানখনে৷ অকল সূৰ্যৰ ওচৰলৈ যোৱাই নহয়, সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডলৰ পৰা অক্ষত অৱস্থাত সফলতাৰে ঘূৰি আহিবলৈও সক্ষম হয় এই মহাকাশযানে৷ বিগত ২৮ ডিচেম্বৰত ছ’লাৰ প্ৰোবে সূৰ্যৰ বাহিৰৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিকূল পৰিৱেশৰ বাবে নাছাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ কিন্তু তাৰ পাছতেই বিজ্ঞানীয়ে পাৰ্কাৰ ছ’লাৰ প্ৰোবৰ পৰা ছিগনেল পাবলৈ সক্ষম হয়৷ ইয়াৰ অৰ্থ এইয়ে যে সূৰ্যৰ একেবাৰে ওচৰলৈ গৈ ইয়াৰ প্ৰচণ্ড তাপ আৰু বিকিৰণ সহ্য কৰি অক্ষত অৱস্থাত পুনৰ ঘূৰি আহিবলৈ সক্ষম হয় এই যানে৷ পাছত নাছাৰ ফালৰ পৰা জনোৱা হয় যে এই মহাকাশযানখন নিৰাপদ আছে আৰু ইয়াৰ কাম-কাজ স্বাভাৱিকভাৱে কৰি আছে৷ নাছাই জনোৱা মতে ছ’লাৰ প্ৰোবখনে য’ত অৱস্থান কৰিছে, সেই স্থানৰ পৰা সূৰ্যপৃষ্ঠৰ দূৰত্ব ৩৮ লাখ মাইল অৰ্থাৎ ৬১ লাখ কিলোমিটাৰ৷ অৰ্থাৎ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব য’ত ৯ কোটি ৩০ লাখ মাইল, এই ক্ষেত্ৰত নাছাৰ পাৰ্কাৰ ছ’লাৰ প্ৰোবে সূৰ্যৰ পৰা মাত্ৰ ৩৮ লাখ মাইল দূৰত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানে মহাকাশ গৱেষণাত এক ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে নাছাৰ পাৰ্কাৰ ছ’লাৰ প্ৰোবে মহাকাশত ২০১৮ চনত যাত্ৰা আৰম্ভ কৰিছিল৷ এইপৰ্যন্ত এই যানে ২১ বাৰ সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ সক্ষম হয়৷

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here