সুস্বাস্থ্যৰ ভাৰতীয় ধাৰণা

0
1

(আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে)

ডাঃ নিতুল বৈশ্য
ভ্ৰাম্যভাষঃ ৭৮৯৬২৪৬০০১

১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথমখন অধিবেশন অনুস্থিত হোৱাৰ দিন ধৰি প্ৰতিবছৰে ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাবে পালন কৰা হয়। ২০২৫ বৰ্ষৰ থিমটো হ’ল – ” Healthy begining, Hopeful future.” স্বাস্থ্যৰক্ষাৰ প্ৰয়োজনীয়তা আৰু সজাগতা সৃষ্টিয়েই মূলতঃ বিশ্ব স্বাস্থ্য দিৱসৰ মূখ্য তাৎপৰ্য। কিন্তু সুস্বাস্থ্য সম্পৰ্কে আমাৰ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ধাৰণা কেনেকুৱা?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে “Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.” অৰ্থাৎ দেহত ৰোগৰ অনুপস্থিতি মানেই সুস্বাস্থ্যক নুবুজায়। দেহটো নিৰোগী হোৱাৰ উপৰিও স্বাস্থ্য হ’ল এগৰাকী ব্যক্তিৰ শাৰিৰীক, মানসিক আৰু সামাজিক সুস্থিৰতা বা কল্যাণাৱস্থা।

প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ মতে – “সমদোষ, সমাগ্নি, সমধাতু, মলক্ৰিয়া; প্ৰসন্ন ইন্দ্ৰিয় অত্মা মন স্বাস্থ্য ইতি অৱিধিয়তে।” (সুশ্ৰুত সংহিতা)।
ইয়াত সমদোষ মানে বাত,পিত্ত আৰু কফ – দেহৰ এই ত্ৰিদোষৰ সাম্যাৱস্থাক বুজাইছে। সমাগ্নিয়ে শৰীৰৰ জঠৰাগ্নি বা পাচন ক্ষমতাক বুজাইছে। সমধাতুয়ে দেহৰ ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰধাতুৰ সাম্যাৱস্থাক বুজাইছে। মলক্ৰিয়া শব্দাংই দেহৰ ৰেচন তন্ত্ৰ (Excretory System) অৰ্থাৎ ঘৰ্ম, শৌচ, প্ৰস্ৰাৱ আদিৰ বাধাবিহীন নিঃসৰণক বুজাইছে। এই আটাইখিনি শব্দপুঞ্জই একেলগে আমাৰ আভ্যন্তৰীণ শৰীৰ ক্ৰিয়া (Physiology) আৰু বাহ্যিক শৰীৰ গাঠনি (Anatomy) ৰ সুস্থিৰৱস্থাক নিৰ্দ্দেশ কৰিছে।

ইন্দ্ৰিয় মূখ্যতঃ দুই প্ৰকাৰৰ – পাঁ‌চটা কৰ্মেন্দ্ৰিয় (পায়ু, উপস্থ, হস্ত, পদ, বাক) আৰু পাঁ‌চটা জ্ঞানেন্দ্ৰিয় ( চকু, কাণ, নাক, জিভা, ছাল)।প্ৰসন্ন ইন্দ্ৰিয়ই এই সমস্ত ইন্দ্ৰিয়সমূহৰ সুস্থিৰ স্বয়ংক্ৰিয়তাক সূচাইছে। মনক উভয়-ইন্দ্ৰিয় বুলি কোৱা হৈছে। মনৰ সুস্থিৰাৱস্থাই মানসিক স্বাস্থ্যক নিৰ্দ্দেশ কৰে। লগতে সুত্ৰটোত আত্মা শব্দই ভাৰতীয় দৰ্শনৰ গভীৰতাৰে আধ্যাত্মিক স্বাস্থ্যক নিৰ্দ্দেশ কৰিছে।

গতিকে ভাৰতীয় চিকিৎসা বিজ্ঞানে ৩০০০ খীষ্টপূৰ্বত আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগতে দিয়া স্বাস্থ্যৰ সংজ্ঞাৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থাই ১৯৪৮ চনত দিয়া স্বাস্থ্যৰ সংজ্ঞা সম্পূৰ্ণ একে। আনকি আধ্যাত্মিক স্বাস্থ্য (Spiritual Health), যাৰ আজি পৃথিৱীৰ দেশৰ সকলো লোকৰ মাজতেই অভাৱ, সেই আধ্যাত্মিক স্বাস্থ্যৰ ধাৰণাৰে পৰিপুষ্ট প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞান বিশ্ব স্বাস্থ্য সংস্থাতকৈ প্ৰকৃতাৰ্থত এখোপ আগত আৰু ওপৰতহে। কোনো কোনোৱে সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্যৰ ধাৰণাক চহকী প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞানৰ স্বাস্থ্যৰ ধাৰণাৰে অনুপ্ৰাণিত বুলিও ক’ব খোজে।
আহক আজি বিশ্ব স্বাস্থ্য দিৱসৰ এই পৱিত্ৰ দিনটোত আমি শাৰিৰীক, মানসিক আৰু সামাজিক স্বাস্থ্যৰ লগতে আধ্যাত্মিক সুস্বাস্থ্যৰ চৰ্চা কৰি পৰিয়াল, সমাজ আৰু দেশত শান্তি, সমৃদ্ধি আৰু স্বাস্থ্যকৰ বাতাৱৰণৰ সৃষ্টি কৰোঁহক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here