অতিৰিক্ত নিমখ খোৱাৰ অভ্যাস স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক৷ বিভিন্ন বেমাৰৰ কাৰণ হিচাপে অত্যধিক পৰিমাণে নিমখ সেৱনৰ ফলত হ’ব পাৰে৷ সেয়ে প্ৰয়োজনতকৈ অতিৰিক্ত নিমখ খোৱাৰ অভ্যাস পৰিত্যাগ কৰি তাৰ সলনি নিমখৰ পৰিৱৰ্তে কিছুমান বিকল্প খাদ্যদ্ৰব্য খাব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থা জনোৱা অনুসৰি সুস্থ থাকিবলৈ হ’লে প্ৰতিদিন পাঁচ গ্ৰামৰ বেছি নিমখ খোৱা স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ শৰীৰত অতিৰিক্ত নিমখ বা ছডিয়ামৰ কাৰণে কম বয়সতে হৃদৰোগ, উচ্চ ৰক্তচাপৰ সমস্যা, হৰমনৰ ভাৰসাম্যহীনতা, কিডনী, থাইৰয়েডৰ সমস্যা আদিয়ে দেখা দিব পাৰে৷ সেয়ে খাদ্যত নিমখৰ পৰিমাণ কমাই খোৱা স্বাস্থ্য ৰক্ষাৰ এটা প্ৰধান উপায়৷ ৰন্ধন কাৰ্যত নিমখৰ বিকল্প হিচাপে এইবোৰ খাদ্যদ্ৰব্য গ্ৰহণ কৰি শৰীৰ সুস্থ কৰি ৰাখিব পাৰে৷
ৰন্ধন কাৰ্যত নিমখৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে নেমুৰ ৰস বা ভিনেগাৰ৷ পুষ্টিবিদে কোৱা মতে নেমুৰ ৰসত আছে প্ৰাকৃতিক লৱণ৷ সেয়ে অতি মাত্ৰাত নিমখ খোৱা বাদ দি নেমুৰ ৰস সেৱন কৰিব পাৰে৷ নিমখৰ বিকল্প হিচাপে অৰিগেনো সাংঘাতিক কাম কৰে৷ কণী সিদ্ধ কৰি খোৱাৰ সময়ত নিমখৰ পৰিৱৰ্তে অৰিগেনো ব্যৱহাৰ কৰিব পাৰে৷ অৰিগেনোৱে বিভিন্ন খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে পেটৰ তথা শ্বাসনলীৰ স্বাস্থ্যত উপকাৰী৷ পদিনাৰ পাত বিভিন্ন ধৰণে খাব পাৰি৷ পদিনাৰ পাতে খাদ্যৰ সোৱাদ বৃদ্ধিৰ লগতে নিমখৰ কামো কৰে৷ লিচ্ছি, জুচ আদিত নিমখৰ সলনি পদিনাৰ পাত দি খাব পাৰে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ নহৰুও নিমখৰ এটা উৎকৃষ্ট বিকল্প হ’ব পাৰে৷ নিমখৰ সলনি ৰোজমেৰি ব্যৱহাৰ কৰিব পাৰে৷ এই সুগন্ধি লতাজাতীয়ই মস্তিষ্ক ভালে ৰখা, স্মৃতিশক্তি বঢ়োৱা তথা ইয়াৰ পাত গুড়ি কৰি কণীৰ বা বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰিলে শৰীৰৰ উপকাৰ হয়৷