সুদূৰ অন্তৰীক্ষত ‘নৰকৰ দৰ্জা’ৰ সন্ধান পালে নাছাই

0
21

সুদূৰ অন্তৰীক্ষত নাছাই সন্ধান পালে ‘নৰকৰ দৰ্জা’ৰ৷ এই দৃশ্য দেখি বিস্মিত হ’ল খোদ বিজ্ঞানীয়ে৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাৰ হাবল স্পেচ টেলিস্কোপত ধৰা পৰিল এক অতিকায় ব্লেক হোল৷ যি আছে আমাৰ নিকটৱৰ্তী এক ছায়াপথত৷ এই ব্লেক হোলৰ অতিৰিক্ত বিৰাট আকাৰে যেন মহাকাশৰ অপাৰ ৰহস্যময়তাক লৈ পুনৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে৷ মহাজাগতিক বস্তুবোৰৰ সম্পৰ্কে মানুহৰ যে এতিয়াও বহুখিনি জানিবলৈ আছে. তাকে বুজাই দিলে এই কৃষ্ণগহ্বৰে৷ আকাশগংগাৰ ওচৰত অৱস্থিত গেলেক্সি এম ৮৭৷ বহুদিন ধৰি এই ছায়াপথ সম্পৰ্কে বিজ্ঞানীয়ে আগ্ৰহ প্ৰকাশ কৰিছে৷ যদিও ওচৰৰ হিচাপে আমাৰ পৰিচিত পৰিমাপৰ এককৰ তুলনাত নিমিলে৷ কিয়নো ই পাঁচ কোটি বিশ লাখ বছৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত৷ ইয়াতে এই ব্লেক হোলটোৰ ভৰ আমাৰ সূৰ্যৰ ২.৬ বিলিয়ন গুণ৷ অৰ্থাৎ ইয়াৰ ভিতৰত সোমাই যাব পাৰে ৪ কোটি পৃথিৱী! দেখা গৈছে যে এই ব্লেক হোল যেন এক কছমিক পাৱাৰ হাউছ৷ আশা কৰা হৈছে, ভৱিষ্যতে বিজ্ঞানীয়ে এই সম্পৰ্কে আৰু অধিক তথ্য লাভ কৰিব৷ উল্লেখ্য যে ব্লেক হোলৰ গঠন আৰু চৰিত্ৰৰ অধিক নিখুঁতভাৱে জানিবলৈ সমগ্ৰ পৃথিৱীতে বিজ্ঞানীয়ে গৱেষণা চলাই আছে৷ ইয়াৰ ফলত নতুন নতুন তথ্যৰো সন্ধান পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here