সুখবৰ : ৪১ বিধ সচৰাচৰ ব্যৱহৃত ঔষধৰ দাম হ্ৰাস

0
82

দেশত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী তথা দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে হঠাতে কেন্দ্ৰীয় চৰকাৰে হৃদৰোগ, মধুমেহ আৰু অন্যান্য বেমাৰৰ ৪১ বিধ সচৰাচৰ ব্যৱহৃত ঔষধৰ দাম তথা ছয়টা ফৰ্মুলেশ্যনৰ দাম হ্ৰাস কৰে৷ ডিপাৰ্টমেণ্ট অব ফাৰ্মাটিউটিকেল এণ্ড নেশ্যনেল ফাৰ্মাটিউটিকিল প্ৰাইচিং অথৰিটিয়ে জাৰি কৰা অধিসূচনা মতে মধুমেহ, শৰীৰৰ বিহ, হৃদৰোগ, যকৃতৰ ৰোগ, এণ্টাচিড, সংক্ৰমণ আৰু এলাৰ্জি, মাল্টিভিটামিন তথা এণ্টিবায়’টিকৰ দৰে ঔষধৰ দাম হ্ৰাস কৰে৷ উদাহৰণস্বৰূপে তেজত গ্লুকজ হ্ৰাস কৰিবৰ বাবে ব্যৱহৃত ডাপাগ্লিফ্লজিন মেটফৰমিন হাইড্ৰক্লৰাইডৰ এটা টেবলেটৰ দাম ৩০ টকাৰ পৰা ১৬ টকা কৰা হৈছে৷ এজমাৰ লক্ষণ নিয়ন্ত্ৰণ আৰু হাঁওফাঁওৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা বুডেছনাইড আৰু ফৰ্মটেৰলৰ দৰে ঔষধৰ দাম এপালিত ৬.৬২ টকালৈ হ্ৰাস কৰা হৈছে৷ এণ্টাচিডৰ দাম পূৰ্বতে থকা প্ৰতি মিলিলিটাৰত ২.৫৭ টকাৰ পৰা ০.৫৬ টকালৈ হ্ৰাস কৰা হৈছে৷ ইবুপ্ৰফেন আৰু পেৰাছিটামলৰ এটা টেবলেটৰ দাম পূৰ্বৰ ৬ টকাৰ পৰা ১.৫৯ টকা কৰা হৈছে৷ এইদৰে ব্যাপকভাৱে প্ৰচলিত ৪১ বিধ ঔষধৰ মূল্য কেন্দ্ৰীয় চৰকাৰে হ্ৰাস কৰাৰ ফলত বহুতো ৰোগীক যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে আৰু সন্তুষ্টি প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here