সুখবৰ : মহাকাশত চীনৰ শাক-পাচলিৰ খেতি

0
531


চীনে মহাকাশ অভিযানত এনে কিছুমান কাম-কাজ কৰি আছে, যিবোৰে সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰিছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাকে ধৰি আন মহাকাশ সংস্থাবোৰে চীনক সংগ দিয়া নাছিল৷ ইয়াৰ পৰিণতিত চীনে নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰে৷ চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে৷ ইয়াৰে এটা পৰীক্ষা আছিল ‘মহাকাশত বাগিচা’ স্থাপন৷ ইয়াৰ অধীনত চীনৰ শ্বেনঝৌ-১৬ মহাকাশ যানৰ যাত্ৰীসকলে মহাকাশ কেন্দ্ৰটোত শাক-পাচলিৰ খেতি কৰাত সফলতা লাভ কৰিছে৷ মিছন কমাণ্ডাৰ জিং হেপেং, মহাকাশযাত্ৰী ঝু য়াংঝু আৰু গুই হাইচাৱে এই কাৰ্য কৰি দেখুৱালে৷ ইয়াৰ ভিডিঅ’ও প্ৰকাশ কৰা হৈছে৷ ইয়াত দেখা পোৱা মতে, মহাকাশ যাত্ৰীকেইজনে মহাকাশত শাক-পাচলিৰ খেতি কৰিবলৈ কেনেদৰে বিশেষধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ তেওঁলোকে এক নিৰ্দিষ্ট স্থানত এক সঁজুলিৰ জৰিয়তে শাক গজাবলৈ সক্ষম হৈছে৷ এই সঁজুলিবিধে গছৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰে৷ তাপমাত্ৰাৰ পৰা আৰম্ভ কৰি আৰ্দ্ৰতা, অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ চীনৰ ভিডিঅ’ এজেন্সী ‘চি চি টি ভিঋ’য়ে প্ৰকাশ কৰা অনুসৰি এই মহাকাশ বাগিচাই ভৱিষ্যতে মহাকাশ যাত্ৰীৰ কাৰণে খোৱা-বোৱাৰ সুবিধা দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here