অসমবাসীৰ বাবে সুখবৰ৷ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে বিশ্বনাথ ঘাটে৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে ২০২৩ বৰ্ষৰ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাটক নিৰ্বাচিত কৰিছে৷ দেশৰ মুঠ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা মুঠ ৭৯১খন আৱেদনৰ মাজৰ পৰা অসমৰ বিশ্বনাথ ঘাটক নিবাৰ্চিত কৰা হয়৷ বিশ্বনাথ ঘাটে লাভ কৰা এই স্বীকৃতিয়ে অসম চৰকাৰে ৰাজ্যৰ গ্ৰাম্য পৰ্যটনৰ প্ৰচাৰৰ বাবে লোৱা বৃহৎ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে অসমৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহৰ ভিতৰত বিশ্বনাথ ঘাট হৈছে অন্যতম৷ গুপ্তকাশী হিচাপেও পৰিচিত এই বিশ্বনাথ ঘাট৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত বিশ্বনাথ ঘাটৰ সৌন্দৰ্যই পৰ্যটকসকলক সদায়ে মুগ্ধ কৰি আহিছে৷ বিশ্বনাথ ঘাটৰ পাৰত থকা দৌল, দেৱালয়সমূহে ৰাজ্যৰ চহকী ঐতিহ্যৰ কথা সোঁৱৰাই দিয়ে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিশ্বনাথ ঘাটৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছতেই দেশৰ ভিতৰতে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাটে স্বীকৃতি লাভ কৰাটো লক্ষণীয় হৈ পৰিছে৷