সুখবৰ : প্ৰথমবাৰ GMCH-ত IVF পদ্ধতিৰে কন্যা শিশুৰ জন্ম

0
148


আই ভি এফৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যবাসীৰ বাবে এক বৃহৎ সকাহ দিবলৈ আগবাঢ়ি আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়৷ ২০২১ চনৰ পৰাই আই ভি এফ চিকিৎসাৰ প্ৰক্ৰিয়া চলাই অহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে সুদীৰ্ঘ ৩ বছৰ মূৰত কালি লাভ কৰিছে এক বৃহৎ সফলতা৷ আই ভি এফৰ জৰিয়তে জি এম চি এইছত কালি প্ৰথমবাৰৰ বাবে সফলভাৱে এগৰাকী কন্যা শিশুৰ জন্ম হৈছে৷ আজি এখন সংবাদমেলত চিকিৎসা মহাবিদ্যালয়খনৰ এই বৃহৎ সফলতাৰ বিষয়ে জানিবলৈ দি অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই কয় যে ৰাজ্যৰ সকলো স্তৰৰ মানুহ এতিয়া এই চিকিৎসা মহাবিদ্যালয়খনলৈ কম খৰছতে আই ভি এফৰ বাবে আহিব পাৰিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে একমাত্ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে সম্ভৱ হোৱা এই চিকিৎসা আত্যন্ত ব্যয়বহুল৷ আজিৰ তাৰিখত এখন ব্যক্তিগত চিকিৎসালয়ত আই ভি এফৰ বাবে তিনি লাখৰ পৰা ছয় লাখ পৰ্যন্ত ব্যয় হয়৷ কিন্তু আজি জি এম চি এইচৰ অধ্যক্ষই জানিবলৈ দিয়া মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মাত্ৰ ৭০ হাজাৰ টকাতে এই চিকিৎসা সম্ভৱ হৈ উঠিব৷ তেওঁ লগতে এইবুলিও কয় যে বৰ্তমান পাঁচগৰাকী প্ৰসুতিৰ সফলফাৱে এই পদ্ধতিৰে চিকিৎসা চলাই থকা হৈছে৷ ৰাইজৰ সুবিধাৰ বাবে মহাবিদ্যালয় কতৃৰ্পক্ষই সপ্তাহত তিনি দিন আই ভি এফৰ অ’ পি ডি মুকলি কৰি দিছে৷ উল্লেখযোগ্য যে চৰকাৰী খণ্ডত আই ভি এফ সম্ভৱ হৈ উঠাৰ লগে লগে আৰ্থিকভাৱে দুৰ্বল নিঃসন্তান দম্পত্তিসকলে বৃহৎ সকাহ পাব

LEAVE A REPLY

Please enter your comment!
Please enter your name here