সুখবৰ : অসমত মলদ্বাৰৰ কৰ্কট ৰোগৰ নতুন অস্ত্ৰোপচাৰ পদ্ধতি

0
230


সম্প্ৰতি দেশৰ লগতে ৰাজ্যতো কেঞ্চাৰ ৰোগে ভয়াৱহ ৰূপেদেখা দিছে৷ বছৰি বহপ হাজাৰ লোক এই মহাব্যাধিৰ চিকাৰ হৈছে৷ ৰাজ্যত যোৱা কেইবছৰমানৰ ভিতৰত ইমানে বৃদ্ধি পাইছে যে সকলোকেইখন এখন কেঞ্চাৰ হস্পিটেলতে ৰোগীৰ থিয় হ’বলৈকে ঠাইৰ অভাৱ হৈছে৷ মুঠতে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি হৈছে কেঞ্চাৰত আক্ৰান্তৰ ৰোগীৰ সংখ্যা৷ ইয়াৰ বাবে অহৰ্নিশে এই ৰোগৰ পৰা পৰিত্ৰাণ তথা সুস্থ কৰাৰ বাবে চিকিৎসকসকলেও দিনে-নিশাই কষ্ট কৰিছে৷ কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত তাৰ মাজতে শেহতীয়াকৈ পোৱা এক খবৰে কিছু আশাৰ সঞ্চাৰ কৰিছে৷ কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে গুৱাহাটীস্থিত স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে৷ প্ৰাৰম্ভিক অৱস্থাত মলদ্বাৰৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে হস্পিটেলখনৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে৷ প্ৰখ্যাত ছাৰ্জন ডাঃ সুভাষ খান্নাৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে ‘ট্ৰেন্স এনাল মিনিমেলী ইনভেছিভ ছাৰ্জাৰী’ চমুকৈ টি এ এম আই এছ নামৰ এটা শেহতীয়া পদ্ধতি প্ৰাৰম্ভিক মলদ্বাৰৰ কৰ্কট বা ৰেকটেল কেঞ্চাৰৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ এই পদ্ধতিটো একেটা চিকিৎসকৰ দলেই পূৰ্বতে ৰেক্টামৰ [মলদ্বাৰ] পৰা এটা ‘ফৰেইন অবজেক্ট’ আঁতৰাবলৈ ব্যৱহাৰ কৰিছিল আৰু এতিয়া প্ৰাৰম্ভিক অৱস্থাত থকা মলদ্বাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিছে৷ যোৰহাটৰ এগৰাকী ৫৩ বছৰীয়া মহিলাৰ অস্ত্ৰোপচাৰ এই ব্যৱস্থাৰে সফলতাৰে সম্পন্ন কৰা হয়৷ ডাঃ সুভাষ খান্নাৰ নেতৃত্বত ডাঃ অৰিন্দম বৰুৱা, ডাঃ সুপ্ৰিয়া চৌধুৰী, ডাঃ বিশ্বজিত ৰাভা আৰু ডাঃ শ্বাবিৰ খানে অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here