সাৱধান : Wi-Fi-ও হ’ব পাৰে ৰোগৰ কাৰণ

0
206


বৰ্তমান তথ্য-প্ৰযুক্তিৰ উন্নতিয়ে মানুহক বহুখিনি সুবিধা কৰি দিছে৷ এতিয়া বহু কাম ঘৰতে বহি কৰিব পৰা হৈছে৷ ইণ্টাৰনেটে এই সুবিধা কৰি দিছে৷ কৰ’না মহামাৰীৰ সময়ত বহু লোকে ঘৰৰ পৰাই কাম কৰিছিল ইয়াৰ বলতে৷ তেতিয়া ৱাই ফাইৰ ব্যৱহাৰো বৃদ্ধি পায়৷ শেহতীয়াকৈ বিশেষজ্ঞসকলে এই মত পোষণ কৰিছে মানুহৰ ঘৰত লগোৱা ৱাই ফায়ে ৰোগৰ সৃষ্টি কৰিব পাৰে৷ তেওঁলোকৰ মতে ঘৰত অহৰ্নিশে ৱাই ফাই অন কৰি ৰখাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ তেওঁলোকৰ মতে ২৪ ঘণ্টাই ৱাই ফাই অন হৈ থাকিলে ইয়াৰ পৰা শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে ক্ষতি কৰিব পাৰে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল ৱাই ফাই ৰাউটাৰ অন হোৱাৰ লগে লগে তাৰ পৰা নিৰ্গত হোৱা ইলেকট্ৰ’ মেগনেটিক বিকিৰণ৷ কম সময়ৰ বাবে অন হৈ থাকিলে ই বেছি ক্ষতি নকৰে, কিন্তু সমগ্ৰ দিনটো অন হৈ থাকিলে ই মানুহৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়৷ ইয়াৰ পৰা হোৱা বিকিৰণে বিশেষকৈ শিশুৰ স্বাস্থ্যত অধিক ক্ষতি কৰিব পাৰে৷ ইলেকট্ৰ’ মেগনেটিক বিকিৰণে কেন্‌ছাৰ আৰু হৎপিণ্ডৰ ৰোগৰ লগতে মগজুৰ বিকাৰৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে কয়৷ ৱাই ফাইৰ পৰা হোৱা নন থাৰ্মেল ৰেডিঅ’ ফ্ৰিকুৱেঞ্চীৰ বিকিৰণে শিশুৰ শৰীৰৰ কলাৰ বিকাশত বাধাৰ সৃষ্টি কৰে৷ ইয়াৰ লগতে মানৱ ভ্ৰূণৰ বিকাশতো বিৰূপ প্ৰভাৱ পেলাই বুলি কোৱা হৈছে৷ ইয়াৰ উপৰি অনিদ্ৰা, টোপনি কম হোৱাৰ দৰে সমস্যাৰো সৃষ্টি কৰিব পাৰে বুলি কোৱা হৈছে৷ ৱাই ফাই ৰাউটাৰৰ পৰা হোৱা ক্ষতিৰ বিষয়ে জানিবলৈ ইউৰোপৰ নৰ্দান জুটালেণ্ডৰ শিক্ষাৰ্থীৰ এটা দলে এটা অধ্যয়ন কৰিছিল৷ তেওঁলোকে এবিধ বীজ বাৰখন ট্ৰেত ৰাখিছিল৷ ইয়াৰে এভাগ ট্ৰে ৱাই ফাই বিকিৰণ নোহোৱা কোঠাত আৰু আনভাগ ৱাই ফাইৰ পৰা বিকিৰণ হোৱা কোঠাত কিছুদিন ৰাখিছিল৷ দুয়োভাগ ট্ৰে একেধৰণৰ পৰিৱেশত ৰখা হৈছিল, যাতে বীজৰ পৰা পুলি হয়৷ বাৰ দিনৰ পাছত তেওঁলোকে দেখা পালে যে বিকিৰণ হোৱা কোঠাত ৰখা বীজবোৰ শুকাই নষ্ট হৈ গৈছে৷ ইয়াৰ বিপৰীতে বিকিৰণ নোহোৱা কোঠাত ৰখা বীজ সঠিকভাৱে বিকাশ হৈছে৷ বিশেষজ্ঞসকলে সেয়েহে কাম শেষ হোৱাৰ পাছত ৱাই ফাই বন্ধ ৰাখিবলৈ আৰু নিশাৰ ভাগত একেবাৰে বন্ধ ৰখাৰো পৰামৰ্শ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here