সূৰ্যত এক উল্টাপুল্টা পৰিস্থিতিৰ সৃষ্টি হৈ আছে আজি কেইবাদিন ধৰি৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে যে সূৰ্যত solar strom-ৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নাছাই সাৱধান কৰি দিছে যে এই solar strom-ৰ হেঁচা পৃথিৱীত পৰিব পাৰে৷ solar strom-ৰ ফলত সূৰ্যৰ পৰা উত্তপ্ত জুইৰ শিখা চাৰিওফালে ছিটিকি যায়৷ মহাকাশৰ আন আন অংশলৈও এই পদাৰ্থৰ উত্তপ্ত শিখা বিচ্ছুৰিত হয়৷ ইয়াৰ ফলত সূৰ্যৰ বিভিন্ন গ্ৰহ বা উপগ্ৰহক পাৰিপাশ্বিৰ্ক প্ৰভাৱ পৰে৷ সম্প্ৰতি পৃথিৱীতো এই solar strom-ৰ প্ৰভাৱ পৰিছে৷ solar strom-ৰ ফলত বিচ্ছুৰিত সৌৰ পদাৰ্থৰ হেঁচা পৰিছে পৃথিৱীৰ চৌম্বকীয় তৰংগত৷ যাৰ ফলত বিভিন্ন ক্ষেত্ৰত ক্ষতি হোৱাৰ আশংকাই দেখা দিছে৷ আমেৰিকাৰ নেশ্যনেল ওছেনিক এণ্ড এটমোস্ফেৰিক এডমিনিষ্ট্ৰেশ্যনৰ পৰা জনা হৈছে যে এই উত্তপ্ত সৌৰশিখাত হেঁচাত পৃথিৱীৰ চৌম্বকীয় তৰংগ বাঢ়ি গৈছে৷ এই ভূচৌম্বকীয় প্ৰক্ৰিয়া বাঢ়ি যোৱাৰ ফলত একাধিক দেশৰ আকাশত দেখা গৈছে অভিনৱ মেৰুজ্যোতি৷ ইউৰোপৰ বিভিন্ন দেশত আকাশত ছটা মেৰুজ্যোতি লক্ষ্য কৰা হৈছে৷ একাংশ আকাশত আকৌ মহাজাগতিক আলোক দেখা পোৱা গৈছে৷ দক্ষিণ ইউৰোপ আনকি ফ্ৰান্সপৰ্যন্ত এই মেৰুজ্যোতি চমক দেখা গৈছে৷ চীনৰ আকাশত উজ্জ্বল ৰঙা ৰঙৰ মেৰুপ্ৰভা বহুতেই দেখা পাইছে৷ বাৰ্লিনৰ আকাশত গাঢ় বগা ৰঙৰ আলোকৰ চমকনি লক্ষ্য কৰিছে৷ এনে দৃশ্য আগতে কেতিয়াও প্ৰত্যক্ষ হোৱা নাছিল বুলি বহুতেই কৈছে৷ উল্লেখ্য যে solar strom-ৰ ফলত সূৰ্যৰ কেন্দ্ৰৰ পৰা প্লাজমা তথা চৌম্বকীয় তৰংগৰ বিৰাট বিস্ফোৰণ সংঘটিত হয়৷ ইয়াৰ ফলত কোটি কোটি সৌৰপদাৰ্থৰ কণা চাৰিওফালে ছিটিকি পৰে৷ এই বিস্ফোৰিত সৌৰ পদাৰ্থৰ কণাবোৰ মহাকাশত ঘণ্টাত ৩০ লাখ কিলোমিটাৰ বেগত পৰিবাহিত হয়৷ সেই কণাবোৰ যদি পৃথিৱীৰ ফালে আহে বিপদৰ হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে নাছাই এনে সতৰ্কতা জাৰি কৰিছে৷ solar strom-ৰ হেঁচাত পৃথিৱীত বিভিন্ন ক্ষতি হ’ব পাৰে৷ বিজ্ঞানীয়ে জনোৱা মতে ইয়াৰ ফলত পৃথিৱীত বৈদু্তিক তথা চৌম্বকীয় ক্ষেত্ৰত নানা ধৰণে ব্যাধাত জন্মাব পাৰে৷ নাছাৰ বিজ্ঞানীৰ মতে ইয়াৰ ফলত পৃথিৱীৰ জি পি এছ. বেতাঁৰ যোগাযোগ আদি সাময়িকভাৱে বিচ্ছিন্ন হ’ব পাৰে৷ এই প্ৰভাৱ দীৰ্ঘস্থায়ীও হ’ব পাৰে৷ এই সৌৰশিখাৰ হেঁচাত ভূ-চৌম্বকীয় প্ৰভাৱ পৰি পৃথিৱীত ইণ্টাৰনেট সংযোগৰ উপৰি মোবাইল নেটৱৰ্ক দুৰ্বল কৰি দিব পাৰে বা মোবাইলৰ নেটৱৰ্কৰ যোগাযোগত বিচ্ছিন্ন হোৱাও অসম্ভৱ নহয়৷