ৰাতি টোপনি কম হোৱাসকলৰ ডিমেনছিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আমি কথাই কথাই কওঁ যে মানুহে জীৱনৰ তিনি ভাগৰ এভাগ শুৱেই কটায়৷ পৰৱৰ্তী কালত মানুহে কৰ্মব্যস্ততাত বেছি সময় দিয়াৰ বাবে দেহটোৰ ভাগৰ, জিৰণিৰ কথা পাহৰি পেলায়৷ এই সমস্যাটো এনেভাৱে প্ৰসাৰিছে যে চিকিৎসকসকলে কম শোৱা অভ্যাসটো মহামাৰীৰূপে ক’বলৈ বাধ্য হৈছে৷ কাৰণ এইধৰণৰ কু-অভ্যাসে শৰীৰলৈ নানাৰকমৰ অসুস্থতা আনিছে৷ কম শোৱাৰ ফলত অকল যে ডিমেনছিয়াৰ সম্ভাৱনাই বৃদ্ধি কৰিছে তেনে নহয়, ইয়াৰ উপৰি মানসিক চাপ, হাৰ্টৰ সমস্যা, উচ্ছ ৰক্তচাপ, স্থূলতা আদি বিভিন্ন ৰোগে আমাৰ দেহত থিতাপি লৈছে কেৱল শোৱাৰ সময় কম কৰাৰ বাবে৷ দিনৰ দিনটো ক্লান্তি, ভাগৰ, অৱসাদ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাতি ভালদৰে টোপনি মৰা নাযায়, তেনেহ’লে দেহলৈ আহিব পাৰে নানা বেমাৰৰ সম্ভাৱনা৷ ৰাতি নিয়মিতভাৱে কম শোৱাৰ ফলত ক্ষতি হ’ব পাৰে৷ সেই ক্লান্তি-ভাগৰে লাহে লাহে স্মৃতিশক্তি সংক্ৰান্তীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ পৰ্যাপ্ত পৰিমাণে টোপনি অহাৰ ফলত শৰীৰ অধিক কাৰ্যক্ষম কৰি ৰাখে, বেছি গতিশীল অৱস্থাত ৰাখে৷ বিশেষজ্ঞসকলে কোৱা অনুসৰি দিনত কামৰ ধৰণ অনুসৰি আমি ৰাতি কমেও আঠ ঘণ্টা টোপনি মৰাটো খুবেই জৰুৰী৷ এই নিয়মৰ অবাধ্য হ’লে জীৱনধাৰা সংক্ৰান্তীয় নানা ধৰণৰ অসুস্থতা বাঢ়িব পাৰে৷ দৈনিক ৰাতি শোৱাত আঠ ঘণ্টাৰ কম হ’লে হৃদৰোগ হোৱাৰ সম্ভাৱনা প্ৰবল৷ তদুপৰি উচ্ছ ৰক্তচাপ বাঢ়িব পাৰে, মগজু ছাল আদি সকলো অংগৰে বিভিন্ন সমস্যাই দেখা দিব পাৰে– একমাত্ৰ ৰাতি টোপনি কম হোৱাৰ বাবে৷ সেয়ে আমি পৰ্যাপ্ত পৰিমাণে ৰাতি টোপনি মৰাটো অত্যন্ত প্ৰয়োজনীয়৷