গ্ৰীষ্মকাল শেষ হৈ শীতত সোমাওঁতে বতৰৰ পৰিৱৰ্তনৰ হেতু আনৰ লগতে শিশুসকলৰ ক্ষেত্ৰত কাহ, চৰ্দি, জ্বৰ আদি বতৰৰ পৰিৱৰ্তনজনিত নানা ৰোগে দেখা দিয়েহি৷ তাৰ মাজতে এইবাৰ ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীতো এবিধ নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে৷ যোৱা কেইটামান দিনত গুৱাহাটী মহানগৰত ভাইৰাছজনিত এক অচিন ৰোগে বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত সংক্ৰমণ হোৱা দেখা গৈছে৷ এই ৰোগবিধত তিনিৰ পৰা ছয় বছৰ বয়সৰ শিশুসকল অধিক হাৰত আক্ৰান্ত হৈছে৷ ৰোগৰ লক্ষণ হিচাপে হাত ভৰিৰ তলুৱাত ৰঙা ৰঙৰ গুটি ওলাই ৰঙচুৱা হৈ পাৰে আৰু পকিবলৈ ধৰে৷ অকল হাত বা ভৰিৰ তলুৱাতে নহয়, মুখৰ ভিতৰতো এইধৰণৰ গুটি ওলাই একো এটাই খাব নোৱৰা হৈ পৰে৷ ইয়াৰ লগতে বিষো অনুভৱ হয়৷ এই ৰোগবিধ সংক্ৰমণৰ ক্ষেত্ৰত জি এম চি এইচৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰীয়ে জনোৱা মতে প্ৰায় দুবছৰ ধৰি এই ৰোগবিধে শিশুসকলৰ মাজত দেখা দি আছে৷ আৰু এই ৰোগৰ সংক্ৰমণ পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ অধিক বুলিও তেওঁ সদৰী কৰে৷ এইচ এফ এম ডি নামেৰে জনাজাত এই ৰোগবিধ অধিক হাৰত বৃদ্ধি পোৱাত এতিয়া অভিভাৱকসকল অধিক চিন্তিত হৈ পৰিছে৷ ৰাজ্যত বিশেষকৈ মহানগৰীত দুইৰ পৰা ন বছৰৰ শিশুসকল এই ৰোগত অধিক আক্ৰান্ত হোৱা দেখা গৈছে আৰু তিনিৰ পৰা ছয় বছৰৰ শিশু সৰ্বাধিক হাৰত আক্ৰান্ত হৈছে৷ এই ভাইৰাছজনিত ৰোগবিধ এজন আক্ৰান্ত শিশুৰ দেহৰ পৰা আনজনলৈ সহজে বিয়পিব পাৰে৷ অধিক সংক্ৰামক হোৱা হেতু চিকিৎসকে শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত অভিভাৱকসকলক অধিক সতৰ্ক হ’বলৈ আহবান জনাইছে৷