সাৱধান : হৃদৰোগৰ মাত্ৰা বৃদ্ধি কৰে প্লাষ্টিকৰ ব্যৱহাৰে || Beware! Plastic use enhances chances of heart diseases!

0
450

প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশ আৰু শৰীৰৰ কেনেধৰণৰ ক্ষতি কৰে, এই কথা সকলোৱে জানে৷ পিছে শেহতীয়াকৈ এনভাইৰনমেণ্টেল হেল্‌থ পাৰ্ছপেক্টিভ নামৰ জাৰ্নেলখনত প্ৰকাশিত এক তথ্য মতে প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত আপোনাৰ হৃদৰোগ তথা কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে৷
যেতিয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ সাগৰ বা নদী আদিত পেলোৱা হয়, তেতিয়া প্লাষ্টিকসমূহ সাগৰৰ পানীত মিহলি হ’লে ইয়াৰ সৰু সৰু পদাৰ্থ কিছুমান ভাঙি যায়৷ যাক মাইক্ৰ’প্লাষ্টিক বুলি কোৱা হয়৷ এনেধৰণৰ মাইক্ৰ’প্লাষ্টিক সাগৰৰ মাছ, কাছ বা অন্য প্ৰাণীৰ পেটলৈ গৈ যথেষ্ট ক্ষতি কৰে৷

Today's special: Grilled salmon laced with plastic | Food and Environment Reporting Network

আৰু এনেধৰণৰ মাছ খোৱাৰ ফলত ইয়াৰ প্ৰভাৱ মানুহৰ ওপৰতো পৰে৷ অধ্যয়ন মতে মাইক্ৰ’প্লাষ্টিকে মানুহৰ হাঁওফাঁওৰ কোষসমূহৰ আকাৰ সলনি কৰি দিব পাৰে৷ প্লাষ্টিকৰ সামগ্ৰীত ব্যৱহাৰ কৰা প্লাষ্টিছাইজাৰ নামৰ কেমিকেলবিধে মস্তিষ্কৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে৷
বিভিন্ন ধৰণৰ খাদ্যৰ পেকেট, গা ধোৱা ঘৰত ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰ্দা, ঘৰৰ মজিয়াত ব্যৱহাৰ কৰা প্লাষ্টিক যেনে– ভিনাইল ফ্ল’ৰ আদিত Phthalate নামৰ প্লাষ্টিছাইজাৰ কেমিকেল ব্যৱহাৰ কৰা হয়, যি শৰীৰৰ কাৰণে মাৰাত্মক৷

Clear PVC Lightweight Shower Liner 70X72 | At Home

এই কেমিকেল বতাহৰ লগত মিলি আপোনাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি হৃদৰোগৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে৷
এক গৱেষণাত প্ৰকাশিত তথ্য মতে আমেৰিকাত এক লাখ মানুহ হৃদৰোগ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল, যাৰ প্ৰধান কাৰণ আছিল প্লাষ্টিছাইজাৰ৷

What To Know About Vinyl Flooring Sheet


আনহাতে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ এক গৱেষণা মতে প্লাষ্টিছাইজাৰে পাচনতন্ত্ৰত PXR-ৰ মাত্ৰা বঢ়াই তোলে৷ PXR এক উপাদান, যিয়ে কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ কিন্তু প্লাষ্টিছাইজাৰে সেই মাত্ৰা বঢ়াই দিয়াৰ ফলত কলেষ্টৰেলৰ পৰিমাণো বৃদ্ধি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here