পৰিৱেশৰ লগতে মানুহৰ বাবে এতিয়া অন্যতম ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণাই৷ যাক মাইক্ৰ’প্লাষ্টিক বুলি কোৱা হয়৷ এটা অধ্যয়নৰ পৰা জানিব পৰা মতে মাইক্ৰ’প্লাষ্টিকে মানুহৰ শৰীৰত পৰিৱেশৰ সমানেই ব্যাপকভাৱে প্ৰভাৱিত কৰিছে৷ ইয়াৰ ফলত মগজুৰ আচৰণ বিশেষকৈ বৃদ্ধ লোকসকলৰ মগজুত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ আমেৰিকাৰ ৰড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মাইক্ৰ’প্লাষ্টিকে আমাৰ স্নায়ুতন্ত্ৰৰ ব্যৱহাৰত পেলোৱা প্ৰভাৱৰ বিষয়ে জনাৰ কাৰণে এই অধ্যয়নটো কৰিছিল৷ ইয়াৰ লগতে মাইক্ৰ’প্লাষ্টিকে সৃষ্টি কৰা বেদনা তথা আমাৰ শৰীৰত জমা হোৱাৰ বিষয়েও জনাৰ চেষ্টা কৰিছিল গৱেষকে৷ গৱেষকৰ দলটোৱে কম বয়সৰ আৰু বুঢ়া এন্দুৰক লৈ এই অধ্যয়নটো কৰিছিল৷ তেওঁলোকে প্ৰায় তিনি সপ্তাহ এই এন্দুৰবোৰক বিভিন্ন পৰ্যায়ৰ মাইক্ৰ’প্লাষ্টিক পানীৰ লগত মিহলাই খাবলৈ দিছিল৷ মাইক্ৰ’প্লাষ্টিক মিহলি পানী খাবলৈ দিয়া এন্দুৰকেইটাই আচহুৱা ব্যৱহাৰ কৰা বুলি গৱেষকে জানিবলৈ দিয়ে৷ সিহঁতৰ আচৰণ মানুহে মতিভ্ৰম হ’লে কৰাৰ দৰে আছিল৷ বুঢ়া এন্দুৰকেইটাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অতি গুৰুতৰ আছিল৷ ইণ্টাৰনেশ্যনেল জাৰ্নাল ফৰ মলিকিউলাৰ ছায়েন্সত প্ৰকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে মাইক্ৰ’প্লাষ্টিকে মানুহৰ ব্যৱহাৰ, লিভাৰ আৰু মগজুৰে কলাৰ ক্ষতি সাধন কৰিছে৷ গৱেষকে প্ৰকাশ কৰা অনুসৰি সামান্য পৰিমাণৰ মাইক্ৰ’প্লাষ্টিকে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সৃষ্টি কৰিব পাৰে৷ ই আনকি কম বয়সতে বৃদ্ধৰ দৰে হৈ পৰাৰ দৰে মানুহৰ জীৱন চক্ৰকো প্ৰভাৱিত কৰিব পাৰে৷