সাৱধান : শক্তিবৰ্ধক পানীয় জনস্বাস্থ্যৰ বাবে ভাবুকি

0
214


ব্যাৱসায়িক মুনাফা লাভৰ স্বাৰ্থত একাংশ শীতল পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান, পেকেজিং ড্ৰিকিং প্ৰস্তুত কৰা প্ৰতিষ্ঠানে অসমৰ নগৰ-চহৰত মিঠাই প্ৰস্তুত কৰা প্ৰতিষ্ঠানে স্বাস্থ্যসন্মত বিধি মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ আনহাতে ষ্টিং জাতীয় পানীয়ৰ ব্যৱসায়ৰ বেলিকা স্পষ্ট নীতি-নিৰ্দেশনা নথকাৰ ফলত এনে পানীয় সেৱন কৰাৰ কাৰণে শিশু তথা গৰ্ভৱতী মাতৃৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ বিষয়টো ইতিমধ্যে বিভিন্ন চিকিৎসকে মত প্ৰকাশ কৰাৰ পাছতেই শেহতীয়াভাৱে এই বিষয়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ই গুৰুত্বসহকাৰে লোৱা বুলি জানিব পৰা গৈছে৷ এই সন্দৰ্ভত ৰাজ্যৰ যোগান বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জনা মতে ষ্টিং জাতীয় কেতবোৰ পানীয়ত কেফেইনৰ মিশ্ৰণ থকাৰ ফলত ই শিশু তথা গৰ্ভৱতী মহিলাৰ স্বাস্থ্যত নেতিবাতক প্ৰভাৱ পেলায়৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰা পত্ৰত এবটল ৰেডবুলত ৩০ মিলিগ্ৰামকৈ কেফেইনৰ মিশ্ৰণ থকাৰ কথা উল্লেখ কৰা হৈছে৷ তদুপৰি ষ্টিং এনাৰ্জি ড্ৰিংকছৰ প্ৰতিটো বটলত ৭০ মিলিগ্ৰাম, মনষ্টাৰ এনাৰ্জি ড্ৰিংকছত ৩৬ মিলিগ্ৰামকৈ কেফেইন মিশ্ৰণ থকাৰ কথা সদৰী কৰিছে৷ এইদৰে কেফেইনৰ উপস্থিতিয়ে এইবোৰ এনাৰ্জি ড্ৰিংকছে হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে এইধৰণৰ কেফেইনযুক্ত পানীয় সেৱনৰ ফলত বদহজমৰ দ্বাৰা পেটৰ বিভিন্ন সমস্যাই গা কৰি উঠাৰ প্ৰচুৰ সম্ভাৱনা থাকে৷ আনহাতে এই পানীয় খোৱাৰ ফলত মূূত্ৰাশয় তথা প্ৰস্ৰাৱজনিত মাৰাত্মক সমস্যাই দেখা দিব পাৰে বুলিও চিকিৎসকে জানিবলৈ দিয়ে৷ এইদৰে এতিয়া শক্তিবৰ্ধক পানীয়ই জনস্বাস্থ্যৰ প্ৰতি নীৰৱ ঘাতকৰ ৰূপ লোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here