ভাৰত আৰু উগাণ্ডাত কভিশ্বিল্ডৰ নকলি ভেক্চিন পোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে৷ ভাৰতত কভিশ্বিল্ড উৎপাদন কৰা ছিৰাম ইনষ্টিটিউটেও এই কথা নিশ্চিত কৰিছে৷ ভাৰতত কভিশ্বিল্ডৰ ২ এম এলৰ ভায়েল পোৱা গৈছে৷ ছিৰাম ইনষ্টিটিউটে দুই এম এলৰ ভেক্চিন উৎপাদন কৰা নাই৷ সেয়েহে দুই এম এলৰ ভায়েলত পোৱা ভেক্চিন নকলি বুলি কোৱা হৈছে৷ ইফালে উগাণ্ডাত ৪১২১ জেদ ০৪০ বেট্ছ নম্বৰৰ আৰু আগষ্টত ম্যাদ উকলা ভেক্চিন পোৱা গৈছে৷ ছিৰাম ইনষ্টিটিউটে প্ৰকাশ কৰা অনুসৰি উক্ত ভেক্চিন তেওঁলোকে উৎপাদন কৰা নাছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়ত সতৰ্কতা জাৰি কৰিছে৷ চলিত বছৰৰ জুলাই-আগষ্টত কভিশ্বিল্ডৰ নকলি ভেক্চিন পোৱা গৈছে৷ ছিৰাম ইনষ্টিটিউটৰ মতে, বজাৰত নকলি ভেক্চিন ওলোৱাৰ লগতে ইয়াৰ টিকাকৰণো হৈছে৷