সাৱধান! বেছি সময় মেৰুদণ্ড পোণ কৰি নবহিব

0
2061

সৰুকালিৰ পৰাই ল’ৰা-ছোৱালীক মাক-দেউতাকে মেৰুদণ্ড পোণ কৰি বহিবলৈ-শুবলৈ শিকায়৷ শৰীৰটোক চাৰিওফালৰ পৰা সুচল আৰু শক্তিশালী কৰি ৰাখিবলৈ মেৰুদণ্ড পোণ কৰি বহাটো প্ৰয়োজনীয়৷ সঁচাকৈয়ে পোণ হৈ বহাটো স্বাস্থ্যৰ পক্ষে উচিতনে? নিশ্চয় উচিত৷ কিন্তু এনেদৰে পোণ হৈ কিমান দেৰিলৈ বহাটো স্বাস্থ্যৰ বাবে ভাল৷ এটা অধ্যয়নত পোৱা গৈছে যে কোনোধৰণৰ বিৰতি অবিহনে বহু সময় মেৰুদণ্ড পোণ কৰি বহি থকাটো শৰীৰৰ বাবে হানিকাৰক৷ ইয়াৰ ফলত পিঠিৰ বিষ হ’ব পাৰে৷ এনেদৰে হোৱা বিষ দীৰ্ঘকালীন ধৰি ৰৈ যায়৷ আজিকালি সকলো চৰকাৰী-বেচৰকাৰী অফিচৰ কৰ্মচাৰীয়ে কম্পিউটাৰত বহি কাম কৰিবলগীয়া হয়৷ তেওঁলোকে একেলেথাৰিয়ে বহু সময় ধৰি পোণ হৈ বহি কাম কৰাৰ ফলত মেৰুদণ্ডডালে কষ্ট পায়৷ সেয়ে এনেকৈ কাম কৰাসকলে মন কৰা দৰকাৰ যে এনেকুৱাকৈ বহি লওঁতে আঁঠু দুটা ৯০ ডিগ্ৰী কোণত ৰাখিব, ভৰিৰ পতা মজিয়াত লগাকৈ ৰাখিব লাগে লগতে পিঠিৰ ফালে গাৰু ল’লে ভাল৷ ইয়াৰ মাজতে মাজে মাজে থিয় হ’ব লাগে বা ইফাল-সিফাল কৰিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here