বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা সতৰ্কবাণী অনুসৰি ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকে [ডি চি জি আই] সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঔষধ নিয়ন্ত্ৰকসকললৈ দুটা ঔষধৰ নকল সংস্কৰণৰ বিক্ৰী আৰু বিতৰণৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে৷ লিভাৰ ঔষধ ডেফিটেলিঅ’ আৰু টাকেডা কোম্পানীৰ কেঞ্চাৰৰ ঔষধ ‘এডচেট্ৰিছ’ৰ [বেজি], নকল বা ভেজাল বজাৰৰ পয়োভৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী প্ৰেৰণ কৰিছিল৷ ৫ ছেপ্টেম্বৰত ডি চি জি আয়ে সুৰক্ষাজনিত সতৰ্কতা জাৰি কৰি কয় যে ভাৰতৰ লগতে চাৰিখন দেশত টাকেডা ফাৰ্মাচিউটিকেল কোম্পানী লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা এডচেট্ৰিছ ইনজেক্শ্যন ৫০ এম জিৰ কেইবাটাও নকল বজাৰত ওলাইছে৷