ৰাজ্যত এতিয়া অধিকাংশ খাদ্য সামগ্ৰীকেই ব্যৱসায়ীয়ে ভেজাল কৰি গ্ৰাহকক বিক্ৰী কৰিছে৷ বিশেষকৈ গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত থকা একাংশ ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ীয়ে অধিক ধনৰ লোভত প্ৰতিবিধ খাদ্য সামগ্ৰী ভেজাল কৰিছে৷ ম্যাদ ওকলা পেকেজিং সামগ্ৰীকো কৌশলেৰে গ্ৰাহকক বিক্ৰী কৰিছে ব্যৱসায়ীয়ে৷ বিভিন্ন সময়ত সুলভ মূল্যৰ দোকানতো ভেজাল পচা চাউল বিক্ৰী কৰি থকা তথ্য খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযানতেই পোহৰলৈ আহিছে৷ উল্লেখ্য যে বিভিন্ন সময়ত গ্ৰাহকক নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান নধৰিবলৈ ব্যৱসায়ীসকলক জিলা প্ৰশাসনে নিৰ্দেশ দি অহাৰ পাছতো চলি আছে খাদ্য সামগ্ৰীৰ ভেজালকৰণ৷ চাউলৰ লগতে দাইল, আটা, চয়াবিন, বাদাম, দাইল, চানাজাতীয় সামগ্ৰী, আচাৰৰ পেকেট আদি সকলো ভেজাল কৰি নিজাকৈ পেকিং কৰি ব্যৱসায়ীয়ে বজাৰত বিক্ৰী কৰি আছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ অধিকাংশ ব্যাৱসায়িক প্ৰতিষ্ঠানতে আছে খাদ্য সামগ্ৰী পেকেজিং কৰা যন্ত্ৰ৷ একাংশ ব্যৱসায়ীয়ে বিভিন্ন খাদ্য সামগ্ৰী নিজে পেকেজিং কৰি বিক্ৰী কৰে৷ এই পেকেটসমূহৰ ওপৰত কোনোধৰণৰ মূল্য আৰু প্ৰস্তুতকৰণৰ সময় বা ম্যাদৰ সময়ৰ কথা উল্লেখ নাথাকে৷ গতিকে পুৰণি সামগ্ৰীও ব্যৱসায়ীয়ে এইদৰে পেকেজিং কৰি গ্ৰাহকক বিক্ৰী কৰিলেও গ্ৰাহকে গম নাপায়৷ বজাৰত উপলব্ধ হোৱা এনেবোৰ বিষাক্ত খাদ্য সামগ্ৰী সেৱন কৰি মাৰাত্মক ৰোগত যে ভুগিব লাগিব সেইটো স্পষ্ট হৈ উঠিছে৷ প্ৰধানকৈ খাদ্যৰ ভেজালকৰণৰ বাবেই বিভিন্ন সময়ত বহুতো লোক বিষক্ৰিয়াত আক্ৰান্ত হ’বলগীয়া হোৱাৰ লগতে বহুজনে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে৷ এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনৰ লগতে দায়িত্বশীল খাদ্য আৰু অসামৰিক যোগান বিভাগে অধিক গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷