তিয়ঁহ এবিধ পুষ্টিকৰ খাদ্য৷ ইয়াত যথেষ্ট পানী পোৱা যায় বাবে তিযঁþহ খালে শৰীৰে লাগতিয়াল পানী পায়৷ কিন্তু কিছুমান বস্তুৰ সৈতে তিয়ঁহ খালে আমাৰ শৰীৰৰ অপকাৰ হ’ব পাৰে৷ সেয়েহে কি তিনিবিধ বস্তু তিয়ঁহৰ লগত একেলগে নাথাব জানো আহক৷
আয়ুৰ্বেদ শাস্ত্ৰ মতে কিছুমান খাদ্য, যি তিযঁþহ খোৱাৰ পাছত খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷ এই খাদ্যৰ ভিতৰত এবিধ হৈছে নেমুটেঙা৷ তিযঁþহৰ সৈতে নেমুটেঙা খালে পাকস্থলীত বিষাক্ত দ্ৰব্য জমা হ’ব পাৰে৷ যাৰ ফলত এলাৰ্জি, ডায়েৰিয়া. ছালৰ এলাৰ্জি, এচিডিটি হোৱাৰ উপৰি আম্লিক মাত্ৰা বৃদ্ধি হয়৷ কিন্তু এই দুবিধ আহাৰ পৃথকে পৃথকে খালে পাব পাৰে বহু উপকাৰ৷
তিয়ঁহৰ সৈতে বিলাহী একেলগে নাখাব৷ কিয়নো বিলাহীৰ অলিক এচিড আৰু তিযঁþহৰ পেন্থ’ঠেনিক এচিডৰ শীঘ্ৰে বিক্ৰিয়া কৰিব পাৰে৷ ফলত পেটৰ বিষ, পেট ফুলা, বমি বা বদহজম আদিৰ দৰে সমস্যাৰ হোৱাৰ সম্ভাৱনা থাকে৷
তৃতীয়তে তিয়ঁহৰ সৈতে একেলগে পানী খাব নালাগে৷ যিহেতু তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে আৰু যদি লগে লগে পানী সেৱন কৰা হয় তেতিয়া খাদ্যনলীত হজমৰ বাবে ক্ষৰণ হোৱা এনজাইমৰ ভাৰসাম্যতা নাইকিয়া হ’ব পাৰে৷ ফলত পেটৰ অইন কিছু সমস্যাৰ সৃষ্টি হয়৷ লগতে কিডনীৰ সমস্যাও দেখা দিব পাৰে৷