স্বাস্থ্য মন্ত্ৰ্যালয়ে সমস্ত কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠানসমূহৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শিক্ষা প্ৰতিষ্ঠানবোৰৰ কেণ্টিনত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জেলেপি আৰু শিংৰা খোৱা সন্দৰ্ভত সতৰ্ক কৰি দিছে৷ উল্লেখ্য যে গৰম গৰম শিংৰা চাহৰ সৈতে খোৱাৰ জুতি সকলোৱে পাইছে৷ অফিচ-কাছাৰী, বজাৰ-সমাৰ কৰিবলৈ যাওঁতে চাহ দোকানত গৰমে গৰমে শিংৰা খোৱাৰ অভ্যাস বহুতৰে আছে৷ সকলোৰে প্ৰিয় এই খাদ্যবিধ কিন্তু শৰীৰৰ বাবে মাৰাত্নক হ’ব পাৰে৷ সেইটো কেন্দ্ৰীয় চৰকাৰে দায়িত্ব হিচাপে গ্ৰহণ কৰি চৰকাৰী সকলো কেণ্টিনত ইয়াৰ ব্যৱহাৰত আৰোপ দিছে৷ আনহাতে শিক্ষা প্ৰতিষ্ঠানৰ কেণ্টিনত শিংৰা আৰু জেলেপিত কিমান পৰিমাণ কেলৰি থাকে সেয়া জনাব বাবে প’ষ্টাৰ আঁৰি দিবলৈ নিৰ্দেশটো কোৱা হৈছে৷ অকল শিংৰা-জেলেপিৰে নহয়, লাড়ু, বড়া পাও, পকোৰাও আছে এই তালিকাত৷ নাগপুৰত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই নতুন নিয়ম নিজৰ কেম্পাছত প্ৰৱৰ্তন কৰাৰ বাবে উদ্যোগ লৈছে৷ উল্লেখ্য যে ভাৰতীয়সকলৰ মাজত ক্ৰমে ওবেচিটিৰ সমস্যা বাঢ়িছে৷ ইতিমধ্যে শতকৰা পাঁচজন চহৰবাসীৰ মাজত এজন এই ওবেটিচিৰ চিকাৰ হৈছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, এইদৰে এই হাৰ বৃদ্ধি হ’লে ২০৫০ চনৰ ভিতৰত প্ৰায় ৪৪.৫ কোটি ভাৰতীয় স্থূলতাত আক্ৰান্ত হ’ব৷ সেইবাবে এই ওবেচিটি বা স্থূলতা ৰোধ কৰিবলৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যদিও কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই খাদ্য সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই তথাপি এইবোৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহবান জনোৱা হৈছে৷