কেইবছৰমান আগেতে অসমত চালানী মাছত ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰাৰ কাৰণে গোটেই ৰাজ্যজুৰি এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সেই সময়ত সমগ্ৰ বহিঃৰাজ্যৰ পৰা অসমতে চালানী মাছৰ আমদানি সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছিল৷ এই সমগ্ৰ ঘটনাটো খোদ ৰাজ্য চৰকাৰৰ নেতৃত্বত তদন্ত কৰি কোনো ৰাজ্যৰ পৰা যাতে চালানী মাছ অসমলৈ আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ আৰু তেনেদৰেই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ হৈছিল৷ সুদীৰ্ঘ বছৰৰ পাছত অসমত পুনৰ চালানী মাছত ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে৷ পৰীক্ষাগাৰত ব্যৱহূত হোৱা ফৰ্মেলডিহাইড এতিয়া ব্যৱহাৰ কৰা হয় অসমলৈ বহিঃৰাজ্যৰ পৰা আমদানি হোৱা চালানী মাছত৷ চালানী মাছত কেঞ্চাৰৰ ৰোগৰ বাহক ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পেলাইছে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এক অধ্যয়নে৷ এই গুপুত ৰহস্য ফাদিল হৈ পৰাৰ পাছতে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগে তিনি মাহজুৰি চলোৱা অধ্যয়নটোত চালানী মাছত সৰ্বাধিক ১৫ শতাংশ ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে৷ এই অধ্যয়নটো নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছক লৈ কৰা হৈছিল৷ মাছৰ দুষ্টচক্ৰই মাছ বহুদিনলৈ সতেজ কৰি ৰখাৰ স্বাৰ্থত এই ফৰ্মেলডিহাইড ব্যৱহাৰ কৰে৷ এইধৰণৰ মাছ খোৱাৰ ফলত মানৱ শৰীৰত বমি, কাহ, চকু মুখ জ্বলা-পোৰা কৰা, ডিঙিৰ সমস্যা বা এলাৰ্জিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ মানুহৰ শৰীৰৰ ছাল, চকু আৰু লিভাৰত ফৰ্মেলিনৰ ক্ৰিয়াৰ ফলত গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ আনকি দীঘ:্দিন এই ফৰ্মেলডিহাইডযুক্ত মাছ খোৱাৰ ফলত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ সূত্ৰে জনোৱা মতে চালানী বা স্থানীয় মাছত ফৰ্মেলডিহাইড দিয়া নিষিদ্ধ কৰা আছে৷ তৎসত্ত্বেও মাছ ব্যৱসায়ীয়ে এইদৰে মাৰাত্মক ফৰ্মেলডিহাইড ব্যৱহাৰ কৰি থকাটো লক্ষণীয় হৈ পৰিছে৷ নগাঁও মহাবিদ্যালয়ৰ এই অধ্যয়নে দাবী কৰা মতে সঁচা প্ৰমাণিত হ’লে জনসাধাৰণৰ বাবে এয়া ভয়ংকৰ বাৰ্তা হ’ব৷ এইক্ষেত্ৰত চৰকাৰে আৰু অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আছে বুলি বিভিন্ন মহলে সদৰী কৰিছে৷