সাৱধান : কম বয়সীয়াৰ বাঢ়িছে ব্ৰেইন হেম’ৰেজৰ ভয়াৱহতা

0
96

পঢ়া-শুনা, কেৰিয়াৰ, পাৰিপাশ্বিৰ্ক চাপৰ পৰা আৰম্ভ কৰি বিভিন্ন দুশ্চিন্তা, সকলোফালে নজৰত ৰখাৰ যি ধাৰাৰ সৃষ্টি হৈছে, ইয়াৰ ফলত কম বয়সতে মস্তিষ্কৰ ৰক্ত ক্ষৰণৰ দৰে প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে৷ আগতে যিদৰে মানুহে সুস্থ জীৱন-যাপনৰ মাজত অতিবাহিত কৰিছিল, বৰ্তমান সময়ত বিভিন্ন কাৰকে ডেকাৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে সকলোকে প্ৰভাৱিত কৰিছে আৰু ভয়াৱহতাৰ মাজত সোমাই পৰিছে৷ বৰ্তমান সময়ত বয়স্কসকলৰ লগতে মাত্ৰ ২০-২৫ বছৰীয়া ল’ৰা-ছোৱালীৰ মাজতো ব্ৰেইন হেম’ৰেজ বা মগজুৰ ৰক্ত ক্ষৰণৰ প্ৰৱণতা বাঢ়ি গৈছে৷ ইয়াৰ প্ৰধান কাৰণ হিচাপে মানসিক চাপ আছে যদিও আন বহুতো কাৰকেও প্ৰভাৱ বিস্তাৰ কৰিছে৷ আনকি বিভিন্ন ঔষধৰ কোৰ্চ শেষ নহ’লেও হ’ব পাৰে মস্তিষ্কৰ ৰক্ত ক্ষৰণৰ সমস্যা৷ সেয়ে অতি সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে৷ দৈনন্দিন জীৱন প্ৰণালীত থকা খুটি নাটিবোৰে, ভুল জীৱনশৈলীয়ে আনিব পাৰে এই জটিল শাৰীৰিক সমস্যা৷ সাধাৰণতে উচ্চ ৰক্তচাপৰ পৰা এইধৰণৰ ৰোগে দেখা দিব পাৰে যদিও আজিকালি ডায়েবেটিছ ওবেচিটিত প্ৰায় অধিকাংশ লোকেই আক্ৰান্ত হয়৷ ইয়াৰ উপৰি মদ্যপান, ধূমপান, দুশ্চিন্তা আদিয়ে মগজুৰ অভ্যন্তৰত ৰক্ত ক্ষৰণ ঘটাব পাৰে৷ মনত ৰখা ভাল ব্ৰেইন হেম’ৰেজ কিন্তু একধৰণৰ ব্ৰেইন ষ্ট্ৰ’ক৷ আমাৰ মগজুক পৰ্যাপ্ত অক্সিজেনৰ প্ৰয়োজন হয় ব্ৰেইন ফাংচন সঠিককৈ চলিবলৈ৷ যি ৰক্তনলীৰ জৰিয়তে সৰবৰাহ হয়৷ যেতিয়া ব্ৰেইনৰ মাজত ৰক্তনলী লিক কৰে বা ফাটি যায়, তেতিয়া মস্তিষ্কৰ আচ্ছাদন অথবা মস্তিষ্কত তেজ জমা হয়৷ যিয়ে মগজুত সাংঘাতিক চাপৰ সৃষ্টি কৰি তথা অক্সিজেনৰ যোগান ব্যাহত হয় আৰু স্নায়ুকোষৰ মাজত পৰ্যাপ্ত পুষ্টিৰ যোগান বন্ধ হৈ পৰে৷ এইধৰণৰ সমস্যা হ’লে প্ৰাণঘাতী হ’ব পাৰে আৰু ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক অক্ষমতা বৃদ্ধি হয়৷ ব্ৰেইন হেম’ৰেজৰ কিছুমান কাৰণ হ’ল ধমনী বেলুনৰ দৰে ফুটি উঠে বা ফাটি যায়, তেজৰ প্লেটলেটৰ অভাৱ হয়, ব্ৰেইন টিউমাৰ, সংক্ৰামক ৰোগ, লিভাৰ ছিৰ’ছিছ আদি আঘাতজনিত কাৰণত৷ হঠাতে তীব্ৰ মূৰৰ বিষ, মূৰৰ এফালে বিষ অনুভৱ, হঠাৎ ভাৰসাম্য হেৰুৱা, চকু বেঁকা হৈ যোৱা, দৃষ্টিশক্তি হেৰাই যোৱা, কথাৰ স্বৰ লাগি ধৰা, হাত-ভৰিৰ অসাৰ হোৱা আদি লক্ষণে দেখা দিয়ে৷ এইধৰণৰ প্ৰাথমিক লক্ষণ দেখা দিয়েই ততালিকে চিকিৎসকৰ কাষ চপা অত্যন্ত জৰুৰী৷ মনত ৰাখিব মস্তিষ্কৰ ৰক্ত ক্ষৰণ মানেই শেষ নহয়৷ চিকিৎসাৰ জৰিয়তে এই ৰোগৰ পৰা বাচিব পাৰি যদিও ৰোগৰ আৰম্ভণিতে কিছুমান বদঅভ্যাস ত্যাগ কৰিলে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here