সাৱধান : অসমত ডেংগুই লৈছে সংহাৰী ৰূপ

0
456


ৰাজ্যত ডেংগু ৰোগে লৈছে ভয়াৱহ ৰূপ৷ যোৱা কেইদিনমান ধৰি অসমৰ বিভিন্ন ঠাইত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এইবাৰৰ ডেংগু ৰোগত পৰিসংখ্যাই পূৰ্বৰ সকলো অিভলেখ ভংগ কৰিছে৷ ৰাজ্যত ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে৷ আনহাতে ডেংগুত ৰোগ প্ৰাদুৰ্ভাৱ নিতৌ ন ন অঞ্চললৈ বিয়পি পৰাৰ লগে লগে ইয়াৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ জানিব পৰা মতে যোৱা দুমাহত ৰাজ্যত চাৰি হাজাৰতকৈও অধিক লোকে ডেংগুত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই ৰোগত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক৷ কাৰ্বি আংলঙত এতিয়ালৈকে ১৩৬৫ গৰাকী লোক ডেংগুত আক্ৰান্ত হোৱাৰ বিপৰীতে ডিমা হাছাওত ২৬৪ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে৷ একেদৰে শোণিতপুৰ, গোৱালপাৰা, ধুবুৰী, কামৰূপ মহানগৰ, গোলাঘাট, কামৰূপ আদি জিলাত ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছে যদিও ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে এই বিগত বৰ্ষত সকলো অভিলেখ ভংগ কৰি এই বছৰত ৰাজ্যত এই ৰোগত মুঠ ৬৭৬৫ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত এই মাহতে ৩০০ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে৷ সেয়ে স্বাস্থ্য বিভাগে ইয়াৰ ক্ষিপ্ৰ ব্যৱস্থা হাতত নল’লে সমগ্ৰ ৰাজ্যত এই ৰোগে অৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি সচেতন লোকে মন্তব্য কৰিছে আৰু চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here