সাৱধান ঃ ভাৰতত দ্ৰুতগতিতবৃদ্ধি হাঁওফাঁওৰ কেঞ্চাৰ

0
462


ভাৰতসহ সমগ্ৰ বিশ্বতে হাঁওফাঁওৰ কেঞ্চাৰ হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ হাঁওফাঁওৰ কেঞ্চাৰ অধিক ভয়াৱহ৷ শৰীৰৰ আন স্থানত হোৱা কেনছাৰৰ তুলনাত হাঁওফাঁওত হোৱা কেঞ্চাৰত অধিক লোকৰ মৃত্যু হয়৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেঞ্চাৰ হোৱা ৰোগীৰ আৰু এই ৰোগত মৃত্যু হোৱাৰ লোকৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰা গ্ল’বেল কেঞ্চাৰ অবজাৰভেটৰীৰ তথ্য ভাৰতত কেঞ্চাৰ হোৱা লোকসকলৰ ভিতৰত সৰ্বাধিক সংখ্যক হ’ল হাঁওফাঁওৰ কেঞ্চাৰত আক্ৰান্ত লোক৷ আনহাতে গুৰুগ্ৰামতস্থিত মেদান্তা হস্পিটেলৰ লাং ছাৰ্জন ডাঃ অৰবিন্দ কুমাৰে যোৱা দহ বছৰে হাঁওফাঁওৰ কেঞ্চাৰত আক্ৰান্ত তিনি শতাধিক লোকৰ তথ্য বিশ্লেষণ কৰে৷ তেওঁৰ নেতৃত্বৰ গৱেষকৰ দলটোৱে লাভ কৰা তথ্য অনুসৰি পুৰুষ আৰু মহিলা উভয়ৰে হাঁওফাঁওৰ কেঞ্চাৰ হোৱাৰ হাৰ বৃদ্ধি পাইছে৷ ভাৰতত কেঞ্চাৰ হোৱা পুৰুষসকলৰ ভিতৰত হাঁওফাঁওৰ কেঞ্চাৰ হোৱা লোকৰ সংখ্যা সৰ্বাধিক৷ শেহতীয়াকৈ হাঁওফাঁওৰ কেঞ্চাৰ হোৱা মহিলাৰ সংখ্যাই সপ্তমৰ পৰা তৃতীয় স্থান লাভ কৰিছেগৈ৷ এই ৰোগত আক্ৰান্ত হোৱা ২০ শতাংশৰ বয়স ৫০ বছৰতকৈ কম৷ ৪০ বছৰতকৈ কম বয়সৰ ১০% আৰু ২০ বছৰতকৈ কম বয়সৰ ২.৬ শতাংশ লোক হাঁওফাঁওৰ কেঞ্চাৰত আক্ৰান্ত৷ মন কৰিবলগীয়া কথাটো হ’ল হাঁওফাঁওৰ কেঞ্চাৰহোৱা লোকসকলৰ ভিতৰত ৫০ শতাংশ লোকে ধূমপান নকৰে৷ ইয়াৰে ৭০% বয়স ৫০ বছৰতকৈ কম আৰু ৩০ বছৰৰ কম বয়সৰ ১০০ শতাংশই আছিল ধূমপান নকৰা৷ আনহাতে মহিলাসকলৰ সকলোৱে ধূমপান নকৰা৷ অধ্যয়নটোৰ পৰা পোৱা তথ্য মতে, অনাগত দশকটোত কম বয়সৰ ধূমপান নকৰা মহিলাৰ হাঁওফাঁওৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here