জলবায়ু তথা পৰিৱেশত হোৱা পৰিৱৰ্তনে বিশ্বৰ নব্বৈ শতাংশতকৈও অধিক সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকটৰ সৃষ্টি কৰিছে৷ আটাইতকৈ বেছি ভাবুকিৰ সন্মুখীন হৈছে চীন, নৰৱে আৰু আমেৰিকাৰ দৰে সৰ্ববৃহৎ সামুদ্ৰিক খাদ্য উৎপাদন কৰা দেশবোৰ৷ জলবায়ুৰ পৰিৱৰ্তন আৰু বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এই সামুদ্ৰিক খাদ্যৰ প্ৰতি সংকট নমাইছে৷ সামুদ্ৰিক খাদ্যৰ ভিতৰত মাছ, বিভিন্ন প্ৰকাৰৰ শামুক, সাগৰৰ পানীত হোৱা উদ্ভিদ, শেলাই আৰু বোৱঁতী পানীত পোৱা ৫৪০ টাতকৈও অধিক প্ৰজাতিৰ মাছ৷ ইয়াৰ জৰিয়তে বিশ্বৰ প্ৰায় ৩২০ কোটি লোকক খাদ্যৰ যোগান ধৰা হয়৷ নাছাৰ ছাষ্টেনেবিলিটিত প্ৰকাশ পোৱা এটা অধ্যয়নত এই কথা কোৱা হৈছে৷ অধ্যয়নটোত লগতে এইবুুলিও কোৱা হৈছে যে এই ভাবুকিক প্ৰতিৰোধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ এতিয়াও পৰ্যাপ্ত হোৱা নাই৷ ষ্টকহমৰ ৰেচিলিয়েন্স চেণ্টাৰৰ গৱেষক তথা এই প্ৰতিবেদনৰ লেখিকা ৰেবেকা শ্বাৰ্টে কয় যে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপে অগ্ৰগতি লাভ কৰিলেও সাগৰীয় খাদ্য প্ৰণালীৰ অনুকূল ব্যৱস্থা গ্ৰহণৰ বাবে উপযুক্ত ব্যৱস্থা এতিয়াও গ্ৰহণ কৰা নাই৷ এই উদ্যোগে কৰা অতিমাত্ৰা উৎপাদনৰ ফলত জলাশয়বোৰ নষ্ট কৰিবলৈ ধৰিছে আৰু পৰিৱেশৰ যথেষ্ট ক্ষতি কৰিছে৷ ইয়াৰ লগতে সমুদ্ৰৰ বৰ্ধিত জলস্তৰ, তাপমান, বৰষুণত হোৱা পৰিৱৰ্তন, বিষাক্ত শেলাইৰ বিস্তাৰ আদিৰ লগতে কীটনাশক আৰু এণ্টিবায়’টিকৰ পৰা হোৱা প্ৰদূষণে সামুদ্ৰিক খাদ্যৰ অধিক ক্ষতি কৰি আহিছে৷