সামাজিক মাধ্যমত কভিড সম্পৰ্কীয় ভুল তথ্য প্ৰচাৰত শীৰ্ষৰ দেশখন কি?

0
781
ভাৰতত ইণ্টাৰনে’টত প্ৰৱেশৰ উচ্চ হাৰ, সামাজিক মাধ্যমৰ উপভোক্তা বৃদ্ধি আৰু ব্যৱহাৰকাৰীৰ ইণ্টাৰনে’ট সাক্ষৰতাৰ অভাৱৰ বাবে ভাৰতে সামাজিক মাধ্যমত কভিড-১৯ৰ বিষয়ে বিশ্বত আটাইতকৈ বেছি ভুল তথ্য সৃষ্টি কৰিছে৷ এটা নতুন সমীক্ষাই এই কথা জনাইছে৷ ‘১৩৮ খন দেশত কভিড-১৯ৰ ভুল তথ্যৰ প্ৰাবল্য আৰু উৎস বিশ্লেষণ’ শীৰ্ষক এই সমীক্ষা ছে’জ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অব্‌ লাইব্ৰেৰী এছ’চিয়েশ্যনছ এণ্ড ইনষ্টিটিউশ্যনৰ পত্ৰিকাত প্ৰকাশ পাইছে৷ এই সমীক্ষাত ১৩৮খন দেশত সৃষ্ট ৯,৬৫৭টা ভুৱা তথ্য বিশ্লেষণ কৰা হৈছে৷ সামাজিক মাধ্যমত বিশ্বত প্ৰচাৰ হোৱা ভুল তথ্যৰ ভিতৰত ভাৰততে সৰ্বাধিক হৈছে (১৮.০৭%)৷ সমীক্ষাত আৰু কোৱা হৈছে যে ভাৰত (১৫.৯৪ শতাংশ), আমেৰিকা (৯.৭৪ শতাংশ), ব্ৰাজিল (৮.৫৭ শতাংশ), আৰু স্পেইন (৮.০৩ শতাংশ) হৈছে ভুল তথ্যৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হোৱা ৪ খন দেশ৷ সমীক্ষাটোত কোৱা হৈছে আটাইতকৈ বেছি ভুল তথ্য বিয়পোৱা সামাজিক মাধ্যম (৮৪.৯৪ শতাংশ), আৰু সামগ্ৰিকভাৱে ইণ্টাৰনে’ট (৯০.৫ শতাংশ) হৈছে কভিড-১৯ৰ বেছি সংখ্যক ভুল তথ্যৰ বাবে দায়ী৷ ইয়াৰ উপৰি সকলো সামাজিক মাধ্যমৰ ভিতৰত কেৱল ফেচবুকতেই ৬৬.৮৭% ভুল তথ্য সৃষ্টি বা প্ৰচাৰ হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here