সাফল্য : বিশ্বৰ অন্যতম মেধাৱী শিক্ষাৰ্থীৰ সন্মান পালে প্ৰিশাই

0
163


প্ৰায় ৯০খন দেশৰ ১৬ হাজাৰ শিক্ষাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰি বিশ্বৰ উজ্জ্বলতম তথা মেধাৱী শিক্ষাৰ্থীৰ তালিকাত নাম খোদিত কৰিবলৈ সক্ষম হ’ল প্ৰিশাই৷ ষষ্ঠ শ্ৰেণীৰ ইণ্ডো-আমেৰিকান স্কুলৰ ছাত্ৰী প্ৰিশা চক্ৰৱৰ্তী ১৬ হাজাৰগৰাকী শিক্ষাৰ্থীৰ মাজত আয়োজিত এক পৰীক্ষাত বিশ্বৰ উজ্জ্বলতম শিক্ষাৰ্থীৰ হিচাপে বিবেচিত হৈছে৷ বিশ্বৰ উজ্জ্বল প্ৰতিভাবোৰক বিচাৰি উলিয়াবলৈ জনছ হপকিন্স চেণ্টাৰে প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সন্ধান উদ্দেশ্যে এটা পৰীক্ষাৰ আয়োজন কৰিছিল৷ ২০২৩ চনৰ পৰা আৰম্ভণিতে ৯০ খন দেশৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত এই পৰীক্ষাত প্ৰিশাই বহিছিল আৰু দেশৰ শ্ৰেষ্ঠতম শিক্ষাৰ্থী হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ প্ৰিশা কেলিফৰ্নিয়াৰ ফ্ৰেমণ্টেত অৱস্থিত ওয়াৰ্ম স্প্ৰীং এলিমেণ্টাৰী স্কুলৰ গ্ৰেড থ্ৰী ছাত্ৰী৷ আমেৰিকাৰ সকলোতকৈ কঠিন পৰীক্ষাবোৰৰ মাজৰে জনছ হপকিন্স চেণ্টাৰ ফৰ টেলেণ্ট য়ুথ টেষ্ট অন্যতম৷ সেয়ে এই পৰীক্ষাৰ ফলাফল প্ৰকাশৰ লগে লগে গোটেই বিশ্বতে আলোড়নৰ সৃষ্টি হয়৷ উল্লেখ্য যে প্ৰিশাই চি টি ৱাই তথা মৌখিক আৰু লিখিত উভয় বিভাগৰ পৰীক্ষাতে ৯৯ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰসংগতঃ এই পৰীক্ষা আছিল গ্ৰেড ফাইভৰ ওপৰত ভিত্তি কৰি আৰু প্ৰিশা গ্ৰেড থ্ৰীৰ ছাত্ৰী৷ ইণ্ডো-আমেৰিকান বংশদ্ভুত প্ৰিশাৰ এই সাফল্যত উচ্ছসিত হৈছে শিক্ষক-শিক্ষয়িত্ৰী লগতে পৰিয়ালবৰ্গই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here