চাহ উদ্যোগৰ পেলনীয়া সামগ্ৰীৰ পৰা আই আই টি, গুৱাহাটীৰ এদল গৱেষকে প্ৰস্তুত কৰি উলিয়াইছে ঔষধ আৰু খাদ্য সামগ্ৰী৷ এই অভিনৱ গৱেষণাই অসমৰ চাহৰ লগতে ঔষধ আৰু খাদ্য সামগ্ৰীৰ উদ্যোগলৈকো এক নতুন আশা কঢ়িয়াই আনিছে৷ চাহ পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় পানীয় আৰু ভাৰতৰ চাহ উদ্যোগটোৰ এক বৃহৎ অংশই হ’ল অসমৰ চাহ৷ এক সমীক্ষাত প্ৰকাশ পোৱা মতে সমগ্ৰ পৃথিৱীত ৬.৩ মিলিয়ন চাহপাত ব্যৱহাৰ হয় আৰু ২০২৫ চনৰ ভিতৰত ইয়াৰ পৰিমাণ ৭.৪ মিলিয়নলৈ বৃদ্ধি পাব৷ গুৱাহাটী আই আই টিৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইটে কয় যে চাহৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চাহৰ উদ্যোগিক আৱৰ্জনাও বৃদ্ধি পাইছে৷ তাৰ বাবে কৃষিভিত্তিক এই আৱৰ্জনাবোৰ অব্যৱহূত হৈ পৰি থাকি পাৰিপাশ্বিৰ্তাৰো ক্ষতিসাধন কৰিছে৷ সেয়ে চাহ ফেক্টৰীৰ পৰা ওলোৱা এই আৱৰ্জনাৰ সঠিক ব্যৱহাৰে উদ্যোগটোৰ বিকাশ সাধন কৰাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰভূত বৰঙনি যোগাব আৰু এই উদ্দেশ্যেৰে তেওঁৰ অধীনত এটা দলে দীৰ্ঘদিনৰ পৰা গৱেষণা অব্যাহত ৰাখিছে৷ এই গৱেষণা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু গৱেষণালব্ধ সকলো তথ্য কেইবাখনো আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশ পাইছে৷ আই আই টিৰ অধ্যাপক পুৰকাইটে প্ৰকাশ কৰিছে যে চাহ উদ্যোগৰ আৱৰ্জনাৰ পৰা তেওঁলোকে কেটেচিনযুক্ত ঔষধ আৰু বিভিন্ন ফুড প্ৰিজাৰভেটিভ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে৷ এইবোৰৰ প্ৰচুৰ বাণিজ্যিক সম্ভাৱনাও আছে বুলি তেওঁ লগতে উল্লেখ কৰে৷