ভয়ংকৰ সৰীসৃপবোৰৰ ভিতৰত সাপো অন্যতম৷ সাপে কামোৰাৰ ফলত দেশত বছৰি কেইবা হাজাৰ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা যায়৷ আনহাতে বাৰিষা কালত খৰালি কালতকৈ সাপ উপদ্ৰৱ বেছি দেখা যায়, কিয়নো খৰালিৰ দিনকেইটা সাপে গাঁততে সোমাই থাকে৷ এই সময়ছোৱাত ঘৰ-বাৰী, যিকোনো ঠাইতে সাপ ওলায় আৰু আতংকৰ সৃষ্টি কৰে৷ সেয়েহে সাপৰ আতংক তথা আমি সাপৰ পৰা দূৰ থাকিবলৈ ঘৰৰ চৌহদত এইকেইজোপা গছ ৰোৱক৷ এই গছবোৰ থাকিলে সাপে কেতিয়াও আপোনাৰ ঘৰৰ চৌহদত নাথাকে৷
সৰ্পগন্ধা গছ : ঘৰত চৌহদত যদি সৰ্পগন্ধা গছ ৰোৱে, তেনেহ’লে দেখিব খুব সহজে আপুনি এই ভয়ংকৰ সৰীসৃপবিধৰ পৰা মুক্তি লাভ কৰিব৷ সৰ্পপন্ধা গছৰ পৰা ওলোৱা গোন্ধ সাপে সহ্য কৰিব নোৱাৰে বাবে ইয়াৰ ওচৰলৈ সাপ নাহে৷
আনহাতে নহৰু গছৰ পৰা গোন্ধ সাপৰ বাবে অসহ্যকৰ হয়৷ ইয়াৰ গোন্ধ পালেই সাপে পলাই ফুৰে৷ সেয়ে ঘৰৰ বাগিচাত নহৰু গছৰ খেতি কৰিলে সাপৰ পৰা ৰক্ষা পাব পাৰি৷
লেমন গ্ৰাছ এবিধ উপকাৰী গছ৷ লেমন গ্ৰাছৰ ট্ৰী যদি নিয়মিত খাব পাৰে. তেন্তে আপুনি বিভিন্ন ৰোগৰ পৰা মুক্তি পোৱাৰ লগতে সাপেও আপোনাৰ পৰা দূৰত্ব বজাই ৰাখিব৷ ইয়াৰ ঔষধি গুণে আপোনাক সাপৰ পৰা সুৰক্ষা দিব পাৰে৷