মৰহি যোৱা সম্পৰ্ক তথা সম্পৰ্কত অহা তিক্ততা, বিচ্ছেদ আদি যোগাসনৰ দ্বাৰা পুনৰ নতুনত্ব পাব পাৰে, ঘূৰাই আহিব পাৰে ছেদ হোৱা মধুৰ সম্পৰ্ক যোগাসনৰ জৰিয়তে৷ কথাটো শুনি নিশ্চয় আচহুৱা লগা নাইনে? আপুনি হয়তো ভাবিব পাৰে যে সম্পৰ্কৰ লগত যোগৰ এনে কি যোগসূত্ৰ আছে যে ভাঙি যোৱা সম্পৰ্ক পুনৰ গঢ়িব পাৰে যোগসাধনৰ জৰিয়তে৷ কথাটো কিন্তু একেবাৰে সঁচা৷ আমি জানো যে শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উন্নতিত যোগাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ নিয়মিতভাৱে যোগচৰ্চা কৰিলে মানসিক চাপ, উদ্বেগ আদি নিয়ন্ত্ৰণত থাকে৷ আমি জনা উচিত যে সম্পৰ্ক এটা ভালে ৰাখিবলৈ বিভিন্ন ক্ষেত্ৰত শাৰীৰিক সক্ষমতাৰ লগতে মানসিক দৃঢ়তাৰো সমানে প্ৰয়োজন৷ এবাৰ কোনো সম্পৰ্কত বাধা আহিলে বা ছেদ হ’লে সেই সম্পৰ্কৰ যত্ন লোৱা সহজ কাম নহয়৷ মন ৰাখিব এটা সম্পৰ্কৰ কাল যিমানে বেছি হয়, সিমানেই দুজনৰ মাজত দূৰত্ব বাঢ়ে আৰু এটা অভ্যাসত পৰিণত হয় আৰু তেতিয়াই সৃষ্টি হয় সমস্যাৰ৷ হয়তো কোনেও নজনাকৈয়ে ক্ৰমশঃ জটিল হৈ পৰে সম্পৰ্কৰ সমীকৰণ৷ উল্লেখ্য যে ঘৰে-বাহিৰে, বিভিন্ন প্ৰকাৰৰ কাম, পাৰিবাৰিক দায়-দায়িত্ব চম্ভালোতে নিজৰ কাৰণে অকণ সময় উলিওৱাটো কঠিন হৈ পৰে৷ এনে অৱস্থাত পাৰস্পৰিক দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে আৰু পাছলৈ এনে সমস্যা তথা অসুবিধাই জটিল ৰূপ ধাৰণ কৰে৷ এই সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ যোগাসনৰ ওপৰত ভৰসা ৰাখিব পাৰে৷ শৰীৰৰ লগতে মনকো শান্ত কৰি ৰখাত যোগচৰ্চা বিশেষভাৱে উপকাৰী৷ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যোগাসনৰ গুৰুত্ব অপৰিসীম৷ নিয়মিতভাৱে যোগাসন কৰিলে মানসিক চাপস উদ্বেগ-উদ্বিগ্নতা আদি নিয়ন্ত্ৰণত থাকে৷ যাৰ ফলত সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো কোনোধৰণৰ জটিলতা নাহে৷