সমুদ্ৰ ওলট-পালট কৰি দিছে ৱাটাৰ স্পাউটে !

0
483


সমুদ্ৰৰ উষ্ণ পানীৰ ওপৰত আদ্ৰৰ্ বায়ু বা বতাহৰ ঘূৰ্ণীয়মান স্তম্ভবোৰকে জলস্ৰোত বা ৱাটাৰ স্পাউট বুলি কোৱা হয়৷ এইবোৰ ঘূৰ্ণীবতাহকৈও বিপজ্জনক হ’ব পাৰে৷ সমুদ্ৰৰ মাজত উৎপত্তি হয় পানীৰ ঘূৰ্ণীবতাহ, যাৰ প্ৰভাৱত গোটেই সমুদ্ৰই তোলপাৰ কৰি উঠে৷ এই ঘূৰ্ণীবতাহ পানীৰ অভিমুখে তলৰ পৰা ওপৰ নে ওপৰৰ পৰা তললৈ গতি কৰি থাকে তাক বুজাৰ উপায় নাই৷ ২০১৩ চনত জুলাই মাহত ফ্লৰিডাৰ টাম্পা বেত এই সামুদ্ৰিক ঘূৰ্ণীবতাহৰ ছবি তোলা হৈছিল৷ এই বিৰল ছবিৰ পৰা এই ঘূৰ্ণীবতাহ হোৱাৰ কাৰণ ব্যাখ্যা কৰিছে মহাকাশ গৱেষণা সংস্থা নাছাই৷ মন কৰিবলগীয়া যে আটলাণ্টিক মহাসাগৰৰ উপকূলত থকা ফ্লৰিডা সংলগ্ন সামুদ্ৰিক এলকোত বছৰত প্ৰায়েই সামুদ্ৰিক ঘূৰ্ণীবতাহ লক্ষ্য কৰা হয়৷ উল্লেখ্য যে এই ঘূৰ্ণীবতাহ বজ্ৰপাত, ধুমুহাৰ নোহোৱাকৈ শান্ত আৱহাৱা, পৰিৱেশত সৃষ্টি হ’ব পাৰে৷ প্ৰাথমিকভাৱে এই জলস্ৰোতবোৰ দুটা ভাগত শ্ৰেণীবদ্ধ কৰা হৈছে৷ টৰ্নেডিক ৱাটাৰ স্পাউট আৰু ফেয়াৰ ৱাটাৰ স্পাউট৷ টৰ্নেডিক ৱাটাৰ স্পাউটবোৰ মূলতঃ পানীৰ ওপৰত সৃষ্টি হয় বা উপকূলত সৃষ্টি হৈ লাহে লাহে সমুদ্ৰৰ দিশে অগ্ৰসৰ হয়৷ আনহাতে সমতলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ লগত টৰ্নেডিক ৱাটাৰ স্পাউটৰ চৰিত্ৰগত কোনো পাৰ্থক্য নাই৷ সমতলত হোৱা ঘূৰ্ণীবতাহৰ দৰে সামুদ্ৰিক ঘূৰ্ণীবতাহতো প্ৰচণ্ড ধুমুহা-বৰষুণ, উচ্ছ গতিবেগত বতাহ বলা, শিলাবৃষ্টি তথা বিপজ্জনক বজ্ৰপাত হ’ব পাৰে৷ আনহাতে ফেয়াৰ ৱাটাৰ স্পাউটবোৰ সাধাৰণতে সমুদ্ৰপৃষ্ঠত সৃষ্টি হয়৷ এইবোৰৰ কেন্দ্ৰত বজ্ৰ বিদু্ৎসহ আনবোৰ বেছি দেখা নাযায়৷ এই ঘূৰ্ণীবতাহবোৰ শান্ত আৱহাৱাত সৃষ্টি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here