সমুদ্ৰৰ তলৰ দুহেজাৰ বছৰ পুৰণি চহৰ আৱিষ্কাৰ

0
44

সমুদ্ৰৰ গভীৰ তলত আছে এখন আশ্চৰ্য সুন্দৰ পৃথিৱী ৷ যিখন দেখিলে আপুনি চকুৰ পলক নপৰাকৈয়ে চাই থাকিব লাগিব৷ আশ্চৰ্যকৰ এই দুনীয়াখন কিন্তু পাতালপুৰীতকৈ কোনোগুণে কম নহয়৷ সম্প্ৰতি পুৰাতত্ত্ববিদসকলে নেপলছ উপসাগৰৰ সমুদ্ৰৰ তলত সন্ধান লাভ কৰিছে এনে এখন ৰোমান চহৰৰ ধবংসাৱশেষ৷ সমুদ্ৰৰ তলত আৱিষ্কৃত এই পাতাললোকত এসময়ত অহা-যোৱা আছিল অভিজাত পৰিয়ালৰ সদস্যসকল৷ বহুতেই ইয়ালৈ আহিছিল ছুটী কটাবৰ বাবে৷ জনা গৈছে যে তৃতীয় শতাব্দীত অভিজাত ধনী পৰিয়ালৰ মালিকানাধীন অভ্যৰ্থনা ক্ষেত্ৰৰ মাজত এইদৰে প্ৰস্তুত কৰা হৈছিল৷ এটা সময়ত ইয়াত এটা সমুদ্ৰ তীৰৱৰ্তী অভিজাত ৰিজ’ৰ্ট আছিল৷ এই ঠাইত এমে কিছু বস্তু পোৱা গৈছে, যি দেখিলে কল্পনাও কৰিব নোৱাৰে৷ সমুদ্ৰৰ তলত দুহেজাৰ বছৰ পুৰণি আৱিষ্কৃত এই চহৰৰ সৌন্দৰ্য দেখি অবাক হৈছে সকলোৱে৷ সমুদ্ৰৰ তলদেশত উদ্ধাৰ হোৱা এই ৰহস্যময় দুনীয়াখন প্ৰায় ১৭৭ হেক্টৰ আয়তনেৰে এখন জলমগ্ন চহৰ৷ এই চহৰ পোৱা গৈছে বহু ডাঙৰ ডাঙৰ মূৰ্তি, যিবোৰ সমুদ্ৰৰ তলৰ বিশ ফুট গভীৰত এটা সুন্দৰ মাৰ্বলৰ মাজত আছে, যাক প্ৰাৰ্থনা ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে৷ প্ৰসংগত পুৰণি হ’লেও এই চহৰখন দেখিবলৈ এই বিলাসবহুল চহৰখন হাইড্ৰ’থাৰ্মাল তথা ছিছমিক কাৰ্যকলাপৰ কাৰণে পানীৰ তলত ডুবি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here