সমুদ্ৰৰ তলত উদ্ধাৰ ১৭৫ বছৰ পুৰণি শতাধিক ছেম্পেইন

0
45

সমুদ্ৰৰ গভীৰতাত কি কি লুকাই যে আছে, সেই কথা কোনেও নাজানে৷ সমুদ্ৰৰ তলত এইবাৰ এনে কিছু বস্তুৰ সন্ধান পোৱা গ’ল, যিবোৰ ১৭৫ বছৰ পুৰণি৷ এইবাৰ সমুদ্ৰৰ গভীৰতাত পালে ১৭৫ বছৰ পুৰণি শতাধিক ছেম্পেইনৰ বটল৷ সন্ধান পোৱা এই ছেম্পেইনৰ বটলবোৰ মুখ বন্ধ কৰা,একেবাৰে ছীল কৰা৷ এইবোৰ একেবাৰে নতুন কিন্তু বহু পুৰণি৷ ১৭৫ বছৰ আগতে সেইবোৰৰ মুখ বন্ধ বা ছীল কৰা হৈছিল আৰু আজিও সেই ছীল নতুন অৱস্থাতে আছে৷ বাল্টিক সাগৰৰ বুকুত ভাহি থকা এখন মাছ ধৰা নৌকাৰ পৰা দুজন মাছমৰীয়াই জঁপিয়াই তাৰ গভীৰতাত কিছু বস্তু পাইছে৷ পানীৰ তলত তেওঁলোকে এখন ভগ্ন জাহাজৰ সন্ধান লাভ কৰে আৰু এইখন জাহাজতে শতাধিক নতুন ছেম্পেইনৰ বটল পায়৷ পোলেণ্ডৰ এটা বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা পানীৰ তলত কিছুমান নতুন বস্তুৰ সন্ধান পোৱাৰ তথ্য সদৰী কৰে৷ ছুইডেনৰ পৰা দূৰত্বত দুঘণ্টা ধৰি বাল্টিক সাগৰৰ তলত ভগ্ন জাহাজৰ আনাছকানাছৰ পোৱা সন্ধানত তেওঁলোকে আৰু বিভিন্ন ৰাজকীয় সম্পত্তি লাভ কৰিবলৈ সক্ষম হয়৷ জাহাজখনৰ ভিতৰত বহুতো মিনাৰেল ৱাটাৰৰ বটলো উদ্ধাৰ হয়৷ তেওঁলোকে কৰা দাবী মতে ৪০ বছৰ ধৰি এইদৰে পানীৰ তলত বিভিন্ন বস্তুৰ সন্ধান লাভ কৰিছে, কিন্তু ইমান বিশাল সম্পত্তিৰ লগত ডুব গৈ থকা জাহাজ ইয়াৰ আগতে দেখা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here