সমুদ্ৰৰ গভীৰতাত আছে পৃথিৱী শীতল কৰাৰ উপায়

0
48

ইয়াৰ অস্তিত্ব আগতে জনা নাছিল৷ কিন্তু ইয়াৰ যে কি মহিমা সেই কথা আৱিষ্কাৰ হোৱাৰ পাছতে বিজ্ঞানীয়ে জানিবলৈ সক্ষম হৈছে৷ যাক এক অনন্য আৱিষ্কাৰ হিচাপে চিহ্নিত কৰিছে বিজ্ঞানীয়ে৷ সমুদ্ৰৰ গভীৰতাত এই উপাদান অফুৰন্ত পৰিমাণে মজুত আছে৷ সমুদ্ৰৰ তলদেশত বিস্তৃতি লাভ কৰিছে ইয়াৰ আৰু যাৰ পৰা নিৰ্গত হৈছে এক বিশেষ ধৰণৰ উপাদান৷ বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হৈছে ডি এম এম পি৷ সমুদ্ৰৰ তলিত সকলোতকৈ বেছি পৰিমাণে বিস্তৃত হৈ আছে শৈবাল আৰু এই শৈবালৰ পৰাই এই অতি গুৰুত্বপূৰ্ণ উপাদান ডি এম এম পি পোৱা যায়৷ আচৰিত কথা যে এই উপাদানবিধ যে শৈবালৰ পৰাই পোৱা যায়, তাক ইমানদিন বিজ্ঞানীয়ে জনা নাছিল৷ সেয়ে এইবাৰ নতুনকৈ সন্ধান পালে এই উপাদানবিধৰ৷ যিহেতু সমুদ্ৰৰ তলত পোৱা বিভিন্ন শৈবালৰ মাজত এই শৈবালবিধ বেছিকৈ পোৱা যায়, সেয়ে ডি এম এম পি নিৰ্গত হোৱাৰ সুযোগ সৰ্বাধিক৷ উল্লেখ্য যে এই ডি এম এম পি হ’ল এনে এবিধ উপাদান, যিয়ে জলবায়ু শীতল কৰিব পৰা গেছ প্ৰস্তুত কৰে৷ ডাইমিথাইলছালফাইড নামৰ এই গেছক চমুকৈ ডি এম এম পি বুলি কোৱা হয়৷ এই ডি এম এম পি পৃথিৱীৰ জলবায়ুক ঠাণ্ডা কৰাত কাৰ্যকৰী ভূমিকা লয়৷ উল্লেখ্য যে উষ্ণায়নৰ আতংকৰে ভৰা সমগ্ৰ বিশ্ব এই জলবায়ু শীতল কৰা গেছ নিৰ্গমণ সম্বন্ধে জনাৰ পাছত বিজ্ঞানীয়ে পৰম প্ৰাপ্তি লাভ কৰিছে৷ সেয়ে বিজ্ঞানীয়ে এই আৱিষ্কাৰক এক অন্যতম পদক্ষেপ হিচাপে লৈছে৷ উল্লেখ্য যে সমুদ্ৰৰ বতাহৰ গোন্ধ যিসকলৰ পৰিচিত সেই আচলতে এই ডি এম এম পি গেছৰ কাৰণেই পোৱা যায়৷ যি গেছে জলবায়ু শীতল কৰাত অৰিহণা যোগায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here