সমীক্ষাত প্ৰকাশ : পুৰুষতকৈ মহিলাই অধিক কাম কৰে

0
171


সমাজলৈ মহিলাসকলে পুৰুষৰ সমানেই অৱদান আগবঢ়াই আহিছে, সেয়া লাগিলে ঘৰুৱা দায়িত্বই হওক বা আন কিবা কামেই হওক৷ তথাপি মহিলাসকলে নিজৰ কামৰ লগতে ঘৰুৱা দায়িত্ব পালনত অধিক সময় ব্যয় কৰে৷ ইয়াৰ বিপৰীতে পুৰুষসকলে কাম আৰু আৰাম উভয়তে সমান সমান সময় ব্যয় কৰে৷ পিউ ৰিছাৰ্চ চেণ্টাৰে আমেৰিকাত চলোৱা এটা সমীক্ষাত এই কথা প্ৰকাশ পাইছে৷ সমীক্ষাটোৰ মতে সমান সমান বেতন পোৱা সত্ত্বেও পুৰুষতকৈ মহিলাই অধিক কাম কৰে৷ এই সমীক্ষাটোত ভাগ লোৱা ৪৮ শতাংশ লোকে এইবুলি মত প্ৰকাশ কৰে যে মহিলাসকলে নিজৰ বৃত্তিগত কামৰ লগতে ঘৰৰ কাম উভয়তে সমানে গুৰুত্ব আৰোপ কৰে৷ ৩৫ শতাংশ লোকৰ মতে পুৰুষে নিজৰ বৃত্তিগত কামৰ লগতে ঘৰুৱা কামত সমানে গুৰুত্ব আৰোপ কৰে৷ ৩১ শতাংশ লোকৰ মতে মহিলাৰ কামত অধিক গুৰুত্ব দিয়া হয়৷ সমীক্ষাটোৰ পৰা জানিব পৰা মতে ২৯ শতাংশ দম্পতীৰ পতি-পত্নী উভয়ে সমানে উপাৰ্জন কৰে৷ ৫৫ শতাংশ স্বামীয়ে পত্নীতকৈ অধিক উপাৰ্জন কৰে৷ ১৬ শতাংশ পত্নীয়ে স্বামীতকৈ অধিক উপাৰ্জন কৰে৷ এই সমীক্ষাটো আমেৰিকাত চলোৱা হৈছিল৷ ইয়াত ৭৭ শতাংশ লোকে এইবুলি মত প্ৰকাশ কৰিছিল যে পিতৃ-মাতৃ উভয়ে উপাৰ্জন কৰা পৰিয়ালৰ সন্তান ভাল হয়৷ ১৯ শতাংশৰ মতে পিতৃয়ে উপাৰ্জন কৰিলে শিশুৰ অৱস্থা ভাল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here